ৰঙিয়াত শনিবাৰে নিশা নটৰাজ নাট্যগোষ্ঠীৰ উদ্যোগত অনুষ্ঠিত গ্ৰীষ্মকালীন নাট কৰ্মশালাৰ সামৰণি অনুষ্ঠান সম্পন্ন।

স্থানীয় হৰদত্ত বীৰদত্ত ভবণত অনুষ্ঠিত কাৰ্যসুচীত উপস্থিত থাকে বিজেপি দলৰ ৰাজ্যিক সভাপতি তথা বিধায়ক ভবেশ কলিতা ।

সামৰণি অনুষ্ঠানত উপস্থিত থাকি নাট প্ৰশিক্ষণৰ আয়োজক নটৰাজ গোষ্ঠীৰ কৰ্মকৰ্তা সকলক কৃতজ্ঞতা জ্ঞাপন কৰে বিধায়ক কলিতাই ।

ভাষণ প্ৰসঙ্গ ত নৱপ্ৰজন্মক নাট প্ৰশিক্ষণ প্ৰদান কৰি আগ্ৰহী কৰি তোলাৰ পদক্ষেপ প্ৰশংসনীয় ৰূপে অভিহিত কৰে কলিতাই ।

আনহাতে সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি প্ৰশিক্ষিত শিশু শিল্পী সকলৰ দ্বাৰা এজাক কুশীলৱৰ চতুৰংগ শীৰ্ষক কাৰ্যসুচীও অনুষ্ঠিত কৰে উদ্যোক্তা সকলে ।