১১ ছেপ্টেম্বৰৰ ৰাশিফল

মেষ : সৃজনশীল কৰ্মত সফলতা লাভ কৰিব। ব্যৱসায়ত উন্নতি আৰু উপাৰ্জন বৃদ্ধি পাব। পাৰিবাৰিক ক্ষেত্ৰত চাপ বাঢ়িব।

বৃষ : কৰ্ম আৰু ব্যৱসায়ত বাধা থাকিব। নতুন গৃহ নিৰ্মাণৰ যোগ। শাৰীৰিক সতৰ্কতাৰ প্ৰয়োজন।

মিথুন : সংসাৰত অশান্তিৰ সম্ভাৱনা। কৰ্ম আৰু ব্যৱসায়ত অগ্ৰগতিৰ দিন। অপ্ৰয়োজনীয় ব্যয় বাঢ়িব। আৰ্থিক যোগ আছে।

কৰ্কট : কাম সলনিৰ সম্ভাৱনা আছে। ব্যৱসায়ত লাভৰ দিন। ধনপ্ৰাপ্তিত বাধা। ভ্ৰমণৰ পৰিকল্পনা বাতিল কৰাই ভাল।

সিংহ : কৰ্মস্থলীত সমস্যা থাকিলেও সফলতা লাভ কৰিব। ব্যৱসায়ত ডাঙৰ যোগাযোগ হ’ব পাৰে। অলপতে সন্তুষ্ট থকাই ভাল। দাম্পত্য জীৱনত কাজিয়াৰ সম্ভাৱনা আছে।

কন্যা : কামত সফলতা। বন্ধুৰূপী শত্ৰুৰ মুখা খোল খাব। মানসিক অস্থিৰতা বাঢ়িব পাৰে। অৰ্থৰ আগমনৰ যোগ।

তুলা : আবেগ নিয়ন্ত্ৰণত ৰাখিব লাগিব। কৰ্মক্ষেত্ৰত জটিলতা দূৰ হ’ব। শাৰীৰিক অসুস্থতাৰ সম্ভাৱনা।

বৃশ্চিক : কৰ্তৃপক্ষৰ সৈতে বিবাদত সাঙোৰ খোৱাৰ সম্ভাৱনা আছে। নামী প্ৰতিষ্ঠানত কৰ্মলাভ হ’ব পাৰে। দাম্পত্য কলহৰ সম্ভাৱনা আছে।

ধনু : কৰ্মত বাধা, ব্যবসায়ত অগ্ৰগতি। আৰ্থিকভাৱে দিনটো শুভ। অতিমাত্ৰা খঙে ক্ষতি মাতি আনিব পাৰে।

মকৰ : কৰ্ম আৰু ব্যৱসায়ত উন্নতি। পাবলগীয়া টকা আদায় হ’ব পাৰে। একাধিক সূত্ৰৰ পৰা অৰ্থলাভ হ’ব পাৰে। ব্যয়ৰ যোগো আছে।

কুম্ভ : কৰ্মক্ষেত্ৰত দায়িত্ব বৃদ্ধি পাব, ব্যৱসায়ত সফলতা। স্বাস্থ্যৰ প্ৰতি সতৰ্ক হোৱা প্ৰয়োজন। দাম্পত্য শান্তি বৰ্তি থাকিব।

মীন : কৰ্মক্ষেত্ৰত গতানুগতিক, ব্যৱসায়ত মিশ্ৰিত ফল লাভ কৰিব। মানসিক অস্থিৰতা বাঢ়িব। অৰ্থপ্ৰাপ্তিৰ সম্ভাৱনা আছে।