১০৭ নং থাওৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত ভুক্তভোগী ৰাইজ ক্ষোভিতঃ ইটোৰ পিচত সিটোকৈ উন্নয়নৰ নামত শাসনাধীষ্ঠ চৰকাৰৰ উন্নয়নৰ ফোঁপোলা স্বৰূপ উদঙাইছে ভুক্তভোগী ৰাইজে।

থাওৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰবাম গাঁও পঞ্চায়তৰ ৬ নং ৱাৰ্ডৰ পুণিবিল, চিকাৰীচুক সংযোগ হৈ দেউৰীটিং পাৰঘাট যোৱা এই পথটি দাঁতি-কাষৰীয়াত প্ৰায় ৩০ৰো অধিক পৰিয়ালৰ বসবাস ।

নিৰ্বাচনত সময়ত ভোট ভিক্ষা খুজি শাসনৰ গাদীত বহা বিজেপি বিধায়ক গৰাকীৰ লগতে পঞ্চায়তৰ সভাপতি ওচৰতো বহুবাৰ জৰাজীর্ণ পথটিৰ নিৰ্মাণৰ বাবে আবেদন-নিবেদন কৰাৰ পাছটো আজিকোপতিলৈকে যেন গাঁ নলৰিল চৰকাৰৰ।

দীৰ্ঘদিন ধৰি যমৰ-যন্ত্ৰণা ভোগ কৰি অহা ভুক্তভোগী ৰাইজে অভিযোগ উত্থাপন কৰিছে যে জনপ্ৰতিনিধি সকলে কেৱল নিৰ্বাচনৰ সময়ত নিৰ্বাচনী বৈতৰণী পাৰ কৰিবলৈ মাথো আস্বাস -প্ৰতিশ্ৰুতি হে দিব পাৰে। নিৰ্বাচনত জয়যুক্ত হৈ শাসনৰ গাদীত বহাৰ পিছতেই ভুক্তভোগী ৰাইজৰ সমস্যাবোৰ দেখিও নেদেখাৰ ভাঁওজোৰাৰ দৰে কেৱল পিঠিহে দিয়ে তাৰ বাহিৰে একো নকৰে ।