কিছমৎদ্বাৰিকা, উত্তৰপাৰাত অংগনাৱাদী কৰ্মী মীনা বালা ৰায়ৰ বিৰুদ্ধে দূৰ্নীতিৰ অভিযোগ।

সৰভোগ: বঙাইগাওঁ জিলাৰ সীমামূৰীয় কিছমৎদ্বাৰিকা উত্তৰপাৰা ৭৪ নং অংগনাৱাদী কেন্দ্ৰৰ কৰ্মী মীনা বালা ৰায়ৰ বিৰুদ্ধে স্থানীয় বহু অভিযোগ উত্থাপন কৰি, ৰাইজ মেল পাতি কৰ্মী জনক জৱাবদেহী কৰে।

কেন্দ্ৰীয় চৰকাৰে প্ৰধান মন্ত্ৰী মাইক্ৰ বন্ধনা যোজনা আঁচনিৰ জৰিয়তে সৰু লৰা ছোৱালীক এককালীন সাহাৰ্য্য দিয়াৰ ব্যৱস্থা কৰিছিল আৰু নিৰ্দ্দিষ্ট সময়ৰ ভিতৰত অনলাইন যোগে আবেদন কৰিব দিছিল যদিও কিন্তু অংগনাৱাদী কৰ্মী জনে গাঁৱৰ কোনো ব্যক্তিকে অৱগত নকৰি নিজৰ বংশৰ আঠজনকৈ লৰা ছোৱালীৰ অনলাইন কৰি বাকী গাওঁ খনক আন্ধাৰত ৰাখিছে।

এই কথা ইকান সিকানকৈ গাঁৱখনত খৱৰ বিয়পি পৰাত ৰাইজৰ মাজত এক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় আৰু ৰাইজ মেল কৰ্মীজনক জবাবদিহি কৰে।

ৰাইজৰ প্ৰশ্নৰ উত্তৰত কৰ্মী জনে কয় অনলাইন কৰোতে ৮ টা ডকুমেণ্টৰ প্ৰয়োজন হয় আৰু অতি কম সময়ত এই ডকুমেণ্ট যোগাৰ কৰিব নোৱাৰিব বুলি ভাবি ৰাইজক জনোৱা নাই। অথছ তেওঁ নিজে নাজানে ৮ টা ডকুমেণ্টৰ ভিতৰত যিকোনো ৩ টা ডকুমেন হলেই হয়। কৰ্মী জনৰ অজ্ঞাতা আৰু ভূলৰ বাবে গাওঁ খন আঁচনিৰ পৰা বঞ্চিত হল। এই ক্ষেত্ৰত স্থানীয় ৰাইজে বিভাগীয় উৰ্দ্ধতম কৰ্তৃপক্ষৰ হস্তক্ষেপ দাবী কৰিছে।