আজি মহানৱমী।।
অষ্টমীৰ সন্ধি পূজা মানে নৱমীৰ আৰম্ভণি। নৱৰাত্ৰিৰ শেষ দিন অৰ্থাৎ নৱম দিনত দেৱী দুৰ্গাক সিদ্ধিদাত্ৰী হিচাপে পূজা কৰা হয়। নৱমী সন্ধিয়াৰ আৰতিৰ পিছত সকলোতে বিষাদৰ শব্দ শুনা যায়। আজিৰ দিনটোতে দেৱী দুৰ্গাই সিদ্ধিদাত্ৰী ৰূপত পদুম ফুলৰ ওপৰত বহি হাতত শংখ, চক্ৰ, গদা আৰু পদুম লৈ থাকে। যক্ষ, গান্ধৰ্ব, কিন্নৰ, সাপ, দেৱ-দেৱী আৰু মানুহ সকলোৱে তেওঁৰ কৃপাত সিদ্ধি লাভ কৰে। আজিৰ দিনটোত সৰস্বতীৰ ৰূপতো বহুতে বিবেচনা কৰে। নিয়ম অনুসৰি দুৰ্গা পূজা কৰিলে জ্ঞান আৰু প্ৰজ্ঞা পোৱা যায় বুলি কোৱা হয়। নৱমীৰ সন্ধিয়া দেৱীৰ মহা আৰতিৰ দিনা যজ্ঞ কৰা হয়।
শাস্ত্ৰ মতে মহিষাসুৰক বধ কৰিবলৈ দেৱী পাৰ্বতীয়ে দুৰ্গা ৰূপ ধাৰণ কৰা বুলি বিশ্বাস কৰা হয়। মহিষাসুৰ আছিল এজন ভয়ানক অত্যাচাৰী আৰু শক্তিশালী অসুৰ। কিছু সময়ৰ বাবে সকলো দেৱতাৰ বাবে তেওঁৰ লগত যুঁজ দিয়াটো কঠিন হৈ পৰিছিল। অসুৰ ৰজা আৰু দৈত্যসেনসকলে বিশ্বাস কৰিছিল যে তেওঁলোক ইমানেই শক্তিশালী যে তেওঁলোকে স্বৰ্গৰাজ্য জয় কৰি মৰ্ত্যলোকৰ ওপৰত শাসন কৰিব পাৰে। স্বৰ্গৰাজ্যক আক্ৰমণ কৰাৰ সময়ত সকলো দেৱতাই মহাদিদেৱৰ ওচৰলৈ লৰালৰিকৈ গৈ এই সমস্যাৰ প্ৰতিকাৰৰ বাবে প্ৰাৰ্থনা কৰিছিল। সেই সময়ত মহাদেৱে কৈছিল, অসুৰকুলক ধ্বংস কৰিব পাৰে কেৱল মহিষমৰ্দিনীয়ে। গতিকে আদিশক্তিয়ে দুৰ্গা ৰূপ ধাৰণ কৰি একেৰাহে ৮ দিন মহিষাসুৰৰ লগত যুদ্ধ কৰি নৱম দিনা মহিষাসুৰক বধ কৰে। দুৰ্গা পূজা তাৰ পৰাই আৰম্ভ হয়।
মহানৱমীৰ মহাবলীৰ বাবে সাজু ইতিহাস প্ৰসিদ্ধ বিল্বেশ্বৰ দেৱালয়। পূৰ্বৰ পৰম্পৰা আৰু ঐতিহ্য অনুসৰি দেৱী মাৰ চৰণত ভক্তই বলীৰ বাবে উচৰ্গা কৰিছে 63 টা ম’হ। ইতিমধ্যে হাজাৰ হাজাৰ ভক্তৰ সমাগম ঘটিছে এই দেৱালয়ত। ইপিনে দেৱীৰ ৰূপত আজি সিদ্ধিদাত্ৰী পূজা ও অনুষ্ঠিত হৈছে এই দেৱালয়ত। আনহাতে ৰাম কল গছৰ পুলিক দেৱী সজাই মহানৱমী পূজাত চলিছে পূজা অৰ্চনা।
উত্তৰ-পুৰ্বাঞ্চল প্ৰসিদ্ধ বেলশৰ স্থিত বিল্লেশ্বৰ দেৱালয়ত আজি উপস্থিত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অজন্তা নেওগ ৷ আজি মহা নবমীৰ দিনা মাৰ আশীৰ্বাদ ললে মন্ত্ৰী গৰাকীয়ে ৷