আই নৈৰ পানীয়ে উটুৱাই লৈ যায় মটৰচাইকেল সহ আৰোহীক ।

বঙাইগাঁৱত আই নৈয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে।আই নৈৰ পানীয়ে উটুৱাই লৈ যায় মটৰচাইকেল সহ আৰোহীক ।

পিছত, স্থানীয় ৰাইজৰ তৎপৰতাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় মটৰচাইকেলখন। উল্লেখ্য যে আই নৈৰ পানীয়ে মাণিকপুৰ আৰু সৃজনগ্ৰাম ৰাজহ চক্ৰৰ অন্তগৰ্ত ২০ খনৰো অধিক গাওঁ জলমগ্ন কৰিছে।

আই নৈৰ পানী ডাঙাইগাওঁ – কীৰ্ত্তনপাৰা পকী পথৰ ওপৰেদি বাগৰাৰ ফলত পথৰ দুই ঠাইত চিগিছে। বাশবাৰী আৰু তিলপুখুৰীত ছিগিল পকী পথ।

ফলত বৃহত্তৰ অঞ্চলৰ ৰাইজৰ যাতায়ত ব্যহত হৈ পৰিছে । পানীৰ সোঁত তীব্ৰতৰ হোৱাৰ বাবেই এজন লোকক মটৰচাইকেল সহ উটুৱাই লৈ যায়।