অসম সাহিত্য সভাৰ মধ্যকালীন বাৰপূজীয়া অধিৱেশন

২০২৪ত অনুষ্ঠিত হ’ব লগীয়া অসম সাহিত্য সভাৰ মধ্যকালীন বাৰপূজীয়া অধিৱেশনৰ বাবে আহ্বায়ক বাৰপূজীয়া শতদল শাখা সাহিত্য সভাই মৰিগাঁও,নগাঁও আৰু লগতে হোজাই জিলাৰ সহযোগিতাত পৰ্যায় ক্ৰমে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি, আদৰণি সমিতি গঠনৰ দিশে আগবাঢ়িছে।তদুপলক্ষে প্ৰস্তুতি সভাৰ পৰামৰ্শ আৰু অসম সাহিত্য সভাৰ নিৰ্দেশানুযায়ী অহা ১৪ মে’ ২০২৩ দেওবাৰে দিনৰ ১১-০০ বজাৰ পৰা বাৰপূজীয়া সাৰ্বজনীন দৌল মন্দিৰ প্ৰাংগনত এখনি ৰাজহুৱা সভা আহ্বানৰ দিন ধাৰ্য কৰা হয়। উক্ত সভাতেই আগন্তুক ২০২৪ বাৰপূজীয়া অধিৱেশনখনি সফল ৰূপায়নৰ বাবে আদৰণি সমিতি গঠন কৰা হ’ব বুলি শাখাৰ সভাপতি ডাঃ প্ৰদীপ কুমাৰ ডেকাই এক বিজ্ঞপ্তিত জানিবলৈ দিয়ে।এইক্ষেত্ৰত সকলো ৰাইজৰ উপস্থিতি আৰু সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে শাখা সাহিত্য সভাই। সেইদিনা অনুষ্ঠিত হ’ব লগা সাধাৰণ সভাত সাহিত্য প্ৰেমীৰ লগতে সকলো ৰাইজৰ উপস্থিতি আৰু সহযোগিতা কামনা কৰিছে উদ্যোক্তা সকলে ।অসম সাহিত্য সভাৰ ২০২৪ মধ্যকালীন বাৰপূজীয়া অধিৱেশনৰ প্ৰস্তুতি…বড়ো আন্দোলনৰ ছহিদ গাইদে আৰু হেলেনাৰ স্মৃতিত ‘বৰ বিমা ছান’ পালন…

Leave a Reply

Your email address will not be published. Required fields are marked *