অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে আমগুৰিত অসমীয়া যুৱ মঞ্চৰ অৰ্ধ উলংগ প্ৰতিবাদ।
ৰাজ্যত প্ৰতিদিনাই অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে জুৰুলা কৰিছে সাধাৰণ জনতাক।নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হৈ পৰিছে ৰাজ্যৰ বিয়াগোম যোগান বিভাগ।
মুল্য বৃদ্ধিক লৈ আজি ৰাজ্যৰ যোগান বিভাগৰ বিৰুদ্ধে আমগুৰিত অসমীয়া যুৱ মঞ্চই অৰ্ধ উলংগ প্ৰতিবাদ সাব্যস্ত কৰে।ৰাজ্য চৰকাৰ হায় হায়,যোগান বিভাগ কাম নাই আদি শ্ল’গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
প্ৰতিবাদ স্থলীত আমগুৰিৰ ৰাজহ চক্ৰ বিষয়া আৰু আমগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উপস্থিত হয়।