Ramon Magsaysay Award 2023: ৰামন মেগছেছে বঁটা, ২০২৩ লাভ কৰে অসমৰ চিকিৎসক ডাঃ ৰবি কান্নানে

শিলচৰঃ খ্যাতনামা কৰ্কট ৰোগ বিশেষজ্ঞ, শিলচৰস্থিত কাছাৰ কৰ্কট চিকিৎসালয় আৰু গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালক পদ্মশ্ৰী ডাঃ ৰবি কান্নানলৈ আগবঢ়োৱা হৈছে সন্মানজনক ৰামন মেগছেছে বঁটা ৷

অসমৰ চিকিৎসক ডাঃ ৰবি কান্নানলৈ ২০২৩ বৰ্ষৰ সন্মানীয় ৰামন মেগছেছে ‘হিৰো ফৰ হোলিষ্টিক হেল্থকেয়াৰ’ বঁটা আগবঢ়োৱা হৈছে ৷ কাছাৰ কৰ্কট চিকিৎসালয় আৰু গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালক ডাঃ ৰবি কান্নান ৷

এই খবৰ পোৱাৰ পাছতেই তেওঁ কৰ্মৰত প্ৰতিষ্ঠানখনৰ কৰ্মচাৰীসকলৰ মাজত উৎসাহ দেখিবলৈ পোৱা যায় ৷ খ্যাতনামা কৰ্কট ৰোগ বিশেষজ্ঞ, শিলচৰস্থিত কাছাৰ কৰ্কট চিকিৎসালয় আৰু গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালক পদ্মশ্ৰী ডাঃ ৰবি কান্নান হৈছে ৰামন মেগছেছে বঁটা ফাউণ্ডেচনৰ চলিত সংস্কৰণত এই সন্মান লাভ কৰা একমাত্ৰ ভাৰতীয় ৷

কৰ্কট ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত বিশিষ্ট বৰঙণি আগবঢ়াই অহা জনদৰদী চিকিৎসকগৰাকীয়ে এই লাভ কৰাৰ পাছতেই সংবাদ মাধ্যমৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ বিশিষ্ট চিকিৎসকগৰাকীয়ে কয়, ‘‘এই বঁটা মোৰ বাবে নহয় ৷ মই সেৱা আগবঢ়াই থকা এই হাস্পতালখনৰ প্ৰতিগৰাকী লোকেই এই বঁটাৰ অংশীদাৰ। প্ৰতিগৰাকীৰে অৱদান আছে এই স্বীকৃতি লাভ কৰাত। এই চিকিৎসালয়খন পৰিচালনা কৰোঁতে বিভিন্ন স্তৰৰ লোকে তেঁওলোকৰ অৱদান আগবঢ়াই আহিছে ৷ মানুহৰ জীৱনলৈ পৰিৱৰ্তন অনাৰ উদ্দেশ্যৰে যি সকলে কাম কৰি আছে সকলোৱেই এই বঁটাৰ অংশীদাৰ ৷’’

তেওঁ আৰু কয়, ‘‘অসম তথা উত্তৰ-পূৰ্বাঞ্চল আৰু ভাৰতৰ বিভিন্ন ঠাইৰ লোকে এই প্ৰতিষ্ঠানখনৰ প্ৰতি সহযোগিতা আগবঢ়াই আহিছে ৷ মই এই সকলোৰে এজন প্ৰতিনিধিহে ৷’’ বঁটা লাভ কৰাৰ বাবে আনন্দ প্ৰকাশ কৰি তেওঁ কয় যে বঁটা পালে সকলোৰে ভাল লাগে ৷ বঁটাই আমাৰ দায়িত্ব বঢ়াই তোলে ৷ আমাৰো দায়িত্ব বাঢ়িল। হাস্পতালৰ কৰ্মচাৰীসকলকে ধৰি সকলোৰে দায়িত্ব বাঢ়িল এতিয়া। মই গোটেই দলটোৰ হৈ এই বঁটা গ্ৰহণ কৰিছো৷