Pushan Mela 2023: ধেমাজিৰ কাৰিচুকত পোষণ মেলা উদযাপন

ধেমাজি, 28 ছেপ্টেম্বৰ : ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত জিলা সমাজ কল্যাণ বিভাগৰ সংহত শিশু উন্নয়ন প্ৰকল্প আৰু কৃষি বিকাশ কেন্দ্ৰৰ সহযোগত ধেমাজি কাৰিচুকত পোষণ মেলা উদযাপন কৰা হয় ৷ পোষণ মেলাত জিলাখনৰ অংগনৱাড়ী কৰ্মী আৰু সহায়িকাসকলে প্ৰস্তুত কৰা বিধে বিধে থলুৱা পুষ্টিকৰ আহাৰ আৰু ব্যঞ্জন প্ৰদৰ্শন কৰা হয় ৷

28 টা অংগনৱাড়ী শাখাৰ মাজত ৰেচিপি প্ৰতিযোগিতা অনুষ্ঠিত কৰে ৷ লগতে পুৰিপূৰক খাদ্য প্ৰচাৰৰ ওপৰত সজাগতা সভাও অনুষ্ঠিত কৰা হয় ৷

উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰে দৰিদ্ৰ সীমাৰেখা তলত বাস কৰা মহিলা আৰু শিশুৱে পুষ্টিকৰ আহাৰ অভাৱত যাতে মৃত্যু নহয় আৰু পুষ্টিকৰ আহাৰৰ প্ৰতি যাতে সকলোৱে সজাগ হয় সেই উদ্দেশ্যেৰে 2018 চনৰ পৰা পোষণ মাহ পালন কৰি আহিছে ৷