ONGC ৰ বিৰুদ্ধে সৰৱ ‘আছা’ আৰু ‘আটছা’

ONGC ৰ বিৰুদ্ধে সৰৱ আছা আৰু আটছা

নিশা গেলেকী তৈল ক্ষেত্ৰৰ M 4900 নামৰ এটা ONGC ৰিগৰ কেমিকেল ৰাসায়নিক পদাৰ্থ মজুত কৰা এটা পুখুৰীৰ পাৰ ভাঙি যোৱাৰ ফলত সমগ্ৰ দেওপানী চাহ বাগিচা আৰু খেতি পথাৰত প্ৰদূষিত পানী সোমাই যোৱাত ONGC ৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে আদিবাসী ছাত্ৰ সন্থা আৰু অসম চাহ জনজাতি ছাত্ৰ সন্থা।

এই প্ৰদূষিত পানী খেতি পথাৰত চাহ বাগিচাত সোমাই যোৱাত এতিয়া খেতিয়ক আৰু জীৱকূলৰ প্ৰতি ভাবুকি আহি পৰিছে।

ONGC ৰ অভিযন্তা আৰু ঠিকাদাৰৰ গাফিলতিৰ বাবে এনে ধৰণৰ ঘটনা সংঘটিত হৈছে বুলি অভিযোগ উত্থাপন কৰিছে দল সংগঠন সমূহে।

ইয়াৰোপৰি এই ৰিগৰ ৰাসায়নিক পানী মজুত কৰা পুখুৰীটোৰ কাম অতি নিম্ন মানৰ কৰা বাবে সাধাৰণ এজাক বৰষুণত এনেদৰে পুখুৰীৰ পাৰ ভাঙি পেলোৱা বুলি অভিযোগ উত্থাপন কৰে দল সংগঠন সমূহে।

অতি শীঘ্ৰেই ইয়াৰ বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে অন্যথা ONGC ৰ অধীনত খনন চলাই থকা 4900 নম্বৰৰ ৰিগ অৱৰোধ কৰাৰ হুংকাৰ প্ৰদান কৰিছে আছা আৰু আটছাই।