NLFB মুৰব্বী এম বাথাক এন আই মিম্মাত লোৱাত সদস্য সকলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া

NLFB মুৰব্বী এম বাথাক এন আই মিম্মাত লোৱাত সদস্যসকলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া ।

এন এল এফ বি সংঘটনটো ২০২০ চনৰ ১২ অক্টোবৰ তাৰিখে জন্ম হৈছিল।

অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ এটা কথাত আৰু বিশ্বাস আৰু আস্থাৰ ওপৰত ভিত্তি কৰি অসমখন শান্তি শৃংখলাৰে গঢ় দিয়াৰ বাবে এন এল এফ বি সংগঠনটোৱে জংঘলৰ পৰা ওলাই আহি
শান্তি চুক্তিত স্বাক্ষৰ কৰিছিল।

কিন্তু ২০১৪ চনৰ পুৰণা এটা গোচৰৰ ভিত্তিত এন এল এফ বি মুৰব্বী এম বাথাক গ্ৰেপ্তাৰ কৰি এন আই এক সমজাই দিয়ে ।

এই গ্ৰেপ্তাৰ লৈ সংগঠনৰ সাধাৰণ সম্পাদক এম ফাংজাৰীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰে ।

সংগঠনটোৰ দুটা কেম্প উদালগুৰী আৰু কোকৰাঝাৰত আছে । কিন্তু সদস্যসকলে বিভিন্ন সমস্যাত জৰ্জৰিত হৈ আছে । আৰু এই সমস্যাৰ বিষয় লৈ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ লগত দিছপুৰত আলোচনাত মিলিত হৈছিল।

কিন্তু উপায় বিহীন হৈ অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত কাতৰ বাবে আহ্বান জনায় অতি শীঘ্ৰে এম বাথাক মুকলি কৰি দিব লাগে । পৰবৰ্তী সময়ত অসমৰ পৰিবেশ বিঘ্নিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি সংগঠনৰ মুৰব্বী এম বাথাক মুক্ত কৰি দিব লাগে বুলি সংগঠনৰ সাধাৰণ সম্পাদক এম ফাংজাৰীয়ে দাবী জনায় মুখ্যমন্ত্ৰীৰ ওচৰত।