সৰভোগঃ বঙাইগাঁও জিলাৰ অন্যতম উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ মাণিকপুৰ আঞ্চলিক মহাবিদ্যালয়ে ৰাষ্ট্ৰীয় মূল্যায়ন আৰু প্ৰত্যায়ন পৰিষদ (NAAC)ৰ সদ্য সম্পন্ন মূল্যায়নৰ প্ৰথম চক্ৰত ২.৩৭ চিজিপিএ লাভেৰে B গ্ৰেড লাভ কৰে৷

মহাবিদ্যালয়খনৰ এই সাফল্যত মাণিকপুৰবাসীয়ে অধ্যক্ষ, উপাধ্যক্ষ, শিক্ষক-কৰ্মচাৰী, পৰিচালনা সমিতি, ছাত্ৰ একতা সভা সহিতে শিক্ষাৰ্থীসকলক শুভেচ্ছা জনায়। লগতে, জ্ঞানৰ প্ৰদীপ জ্বলাই মাণিকপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ এই সফলতাৰ যাত্ৰা অব্যাহত থাকিব বুলি আশা ৰাখিছে।
