অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাৰ পৰা চন্দ্ৰযান–৩ৰ অন্তিম মুহূৰ্তত যি কাউণ্ট–ডাউন দিয়া হৈছিল, সেই কণ্ঠ আাছিল এন ভালাৰমথীৰ।
চন্দ্ৰযান–৩ মিছনৰ গুৰুত্বপূৰ্ণ সদস্য এন ভালাৰমথীৰ দেহাৱসান (ISRO Scientist N Valarmathi Death)। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা অৰ্থাৎ ISROৰ বিজ্ঞানী ভালাৰমথীয়ে চন্দ্ৰযান–৩ৰ উৎক্ষেপণৰ সময়ত কাউণ্ট–ডাউনৰ কাম কৰিছিল। মিডিয়া ৰিপ’ৰ্ট অনুসৰি, হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় বিজ্ঞানীগৰাকীৰ। তামিলনাডুৰ অৰিয়ালুৰৰ বাসিন্দা বিজ্ঞানীগৰাকীয়ে শণিবাৰে সন্ধিয়া চেন্নাইত শেষ নিশ্বাস ত্যাগ কৰে।
ভালাৰমথীৰ মৃত্যুত ISROৰ প্ৰাক্তন বিজ্ঞানী ড০ পি ভি ভেংকটকৃষ্ণই দুখ প্ৰকাশ কৰি ছচিয়েল মিডিয়া প্লেটফৰ্মত তেওঁ লিখিছে, ‘‘শ্ৰীহৰিকোটাৰ পৰা ইছৰোৰ ভৱিষ্যত মিছনৰ কাউণ্ট–ডাউনত ভালাৰমথী বাইদেউৰ কণ্ঠ আৰু শুনা নাযাব। চন্দ্ৰযান–৩ তেওঁৰ অন্তিম কাউণ্ট–ডাউন আছিল। বহুত দুখ পাইছো… প্ৰণাম…।’’