ISRO Aditya L1 Mission : শ্ৰীহৰিকোটাৰ পৰা আদিত্য এল১ৰ সফল উৎক্ষেপণ

চন্দ্ৰৰ পিছত এইবাৰ ইছৰ’ৰ সূৰ্য অভিযান। শনিবাৰে দিনৰ ১১-৫০ বজাত সূৰ্য অভিমুখে যাত্ৰা কৰিলে আদিত্য এল-১ নামৰ মহাকাশযানখনে। চন্দ্ৰ অভিযানৰ পিছতে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই যোৱা ২৮ আগষ্টত সূৰ্য অভিযান সম্পৰ্কে ঘোষণা কৰিছিল।

আজি দিনৰ ১১ বাজি ৫০ মিনিটত শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ ক্ষেত্ৰৰ পৰা সূৰ্য অভিমুখে মহাকাশযানখন উৎক্ষেপন কৰা হ’য়।

আদিত্য এল-১ প্ৰকৃততে এখন সূৰ্য পৰ্য্যবেক্ষণকাৰী যান। এই যানখনে পৃথিৱীৰ পৰা সূৰ্য অভিমুখে ১.৫ নিযুত কিলোমিটাৰ দূৰত্বলৈ যাত্ৰা কৰিব।

উল্লেখযোগ্য যে, ইছৰ’ৰ বাবে এয়া হৈছে প্ৰথম সূৰ্য অভিযান। সূৰ্য অভিযান সফলতাৰ বাবে দেশজুৰি পূজা-অৰ্চনা আগবঢ়োৱা হৈছে।

আনহাতে এই অভিযানত জড়িত হৈ আছে এগৰাকী অসমীয়া বিজ্ঞানী। তেওঁ হৈছে যোৰহাটৰ যোৰহাট বাহনা মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপিকা ড০ ঐশ্বন্যা শৰ্মা।

সূৰ্যৰ জটিল প্ৰক্ৰিয়া বিলাক অধ্যয়ন কৰিবৰ বাবে অসমৰ ঐশ্বন্যা শৰ্মাক নিয়োগ কৰা হৈছে। লগতে সূৰ্যৰ আলোক মণ্ডল আৰু বৰ্ণ মণ্ডলত স্থিত তৰংগৰ কম্পনাংকৰ বিষয়ে অধ্যয়ন কৰিব। উল্লেখ্য যে, ড০ শৰ্মা ২০১৫ চনৰ পৰাই এই প্ৰকল্পৰ সৈতে তেওঁ জড়িত হৈ আছে।

আদিত্য এল-১-য়ে সূৰ্য-পৃথিৱীৰ লাগ্ৰেঞ্জিয়ান বিন্দুত থাকি সূৰ্যৰ ওপৰত অধ্যয়ন কৰিব। এই বিন্দুটো পৃথিৱীৰ পৰা প্ৰায় ১৫ লাখ কিলোমিটাৰ দূৰত। ইয়াত উপস্থিত হ’বলৈ প্ৰায় ১০৯ দিন সময় লাগিব। আদিত্য এল-১ অভিযানৰ লক্ষ্য হৈছে এল১-ৰ চাৰিওফালৰ কক্ষপথৰ পৰা সূৰ্যক অধ্যয়ন কৰা।

মহাকাশযানখনে সাতটা পেলোড কঢ়িয়াই নিব যি বিভিন্ন তৰংগ বেণ্ডত আলোকমণ্ডল, ক্ৰমমণ্ডল (সূৰ্যৰ দৃশ্যমান পৃষ্ঠৰ ঠিক ওপৰেৰে) আৰু সূৰ্যৰ আটাইতকৈ বাহিৰৰ স্তৰ (কোৰোনা) পৰ্যবেক্ষণ কৰাত সহায় কৰিব। ইছৰোৰ বিষয়াই জনোৱা অনুসৰি আদিত্য এল-১ সম্পূৰ্ণৰূপে মেক ইন ইণ্ডিয়া উদ্যোগত হৈছে।