ভাৰত বনাম আয়াৰলেণ্ড শৃংখলাৰ প্ৰথমখন খেলৰ প্ৰথম অভাৰত প্ৰমাণ কৰিলে ভাৰতীয় অধিনায়ক গৰাকীয়ে। বল লৈ ইনিংছৰ প্ৰথম অভাৰতে বলিং কৰিবলৈ আহিছিল জছপ্ৰীত বুমৰাহ। প্ৰথম অভাৰতে তেওঁ দুটা উইকেট দখল কৰি নিজৰ শাৰীৰিক সক্ষমতাৰ কথা প্ৰকাশ কৰে বিশ্বৰ ক্ৰিকেট প্ৰেমীৰ আগত।
ভাৰতীয় দলৰ অধিনায়ক যশপ্ৰীত বুমৰাহ টছত জয়লাভ কৰি আজিৰ খেলখনত প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়। তেওঁৰ সিদ্ধান্ত যে ভুল নাছিল সেই কথা তেওঁৰ প্ৰথম অভাৰতে প্ৰমাণ কৰিলে। আজিৰ দিনটোতে প্ৰথম অভাৰৰ দ্বিতীয়তো বলত এণ্ডি বালবিৰ্নীক ব’ল্ড কৰি নিজৰ প্ৰত্যাবৰ্তনৰ ইঙ্গিত দিয়ে।
ইয়াৰ পিছতে লৰ্কান টাকাৰে বেটিং কৰিবলৈ আহিছিল। এই অভাৰত বুমৰাহৰ তৃতীয় আৰু চতুৰ্থ বলটো বুজি নাপালে লৰ্কান টাকাৰে। সূৰ্যকুমাৰ যাদৱৰ শৈলীত বাউণ্ডেৰী মাৰিব বিচাৰি লৰ্কান টাকাৰে ভাৰতীয় উইকেটকীপাৰ সঞ্জু চেমছনৰ হাতত কেচ দি উভতি আহে লৰ্কান টাকাৰ।
ভাৰতীয় পেচাৰগৰাকীৰ এনে খেল দেখি, এছিয়া কাপৰ পূৰ্বে ভাৰতীয় দলৰ মেনেজমেণ্টৰ মুখত হাঁহি বিৰিঙিছে। সকলোৱে কৈছে ‘বুমৰহ ঘূৰি আহিছে’। টি-২০ মেচত বুমৰাহৰ দুটা উইকেটৰ এয়াই প্ৰথম অভাৰ।