স্পৰ্টচ ডেক্সঃ ধৰমশালাত আজি নিউজীলেণ্ডক ৪ উইকেটত পৰাস্ত কৰে টীম ইণ্ডিয়াই ৷ নিজৰ মূল একাদশত দুটা পৰিৱৰ্তন ঘটাই খেলপথাৰত নামিছিল ভাৰত ৷ আঘাতপ্ৰাপ্ত হাৰ্দিক পাণ্ডিয়াৰ ঠাইত সূৰ্য কুমাৰ যাদৱ আৰু শাৰ্দুল ঠাকুৰৰ সলনি মহম্মদ চামিয়ে আজি ভাৰতৰ হৈ খেলিলে।
২৭৪ ৰাণৰ লক্ষ্য আগত লৈ ভাৰতে ৪৮ অভাৰত ৬টা উইকেট হেৰুৱাই লক্ষ্যত উপনীত হয় ৷ মহম্মদ চামিক প্লেয়াৰ অৱ দ্য মেচ ঘোষণা ৷
ফাষ্ট বলাৰৰ বাবে ধৰমশালা খেলপথাৰখন সহায়ক বুলি বিবেচিত হোৱাৰ লগতে সন্ধিয়া নিয়ৰ পৰাৰ কথা মনত ৰাখি ভাৰতীয় অধিনায়ক ৰোহিত শর্মাই টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয় ৷ প্ৰথমে বেটিঙৰ আমন্ত্ৰণ লাভ কৰা কিৱি বাহিনীয়ে নিৰ্ধাৰিত ৫০ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ডাৰেল মিটছেলৰ শতকৰে ২৭৩ ৰাণ সংগ্ৰহ কৰে ৷ প্ৰথম অৱস্থাত নিয়ন্ত্ৰিত বলিঙৰ সহায়ত কিৱি বাহিনীক ভাৰতীয় বলাৰে বিপাঙত পেলাইছিল যদিও ২ টা উইকেটৰ পতনৰ পাছত ডাৰেল মিটছেল আৰু ৰাছিন ৰবীন্দ্ৰই দলক এক শক্তিশালী স্থিতিত উপনীত কৰায় ৷ ডাৰেল মিটছেলে ১২৭ টা বলত ১৩০ ৰাণৰ এক দুৰ্দান্ত ইনিংছ খেলি মহম্মদ চামিৰ বলত নিজৰ উইকেট বিসৰ্জন দিয়ে৷ ৰাছিন ৰবীন্দ্ৰই ৮৭ টা বলত ৭৫ ৰাণ সংগ্ৰহ কৰি চামিৰ বলতে পেভিলিয়নমুখী হয়।
ডাৰেল মিটছেল আৰু ৰাছিন ৰবীন্দ্ৰৰ উইকেটৰ পতনৰ পাছত দলৰ বাকী বেটছমেনকেইজন ৰাণ সংগ্ৰহত ব্যৰ্থ হয় ৷ দললৈ প্ৰত্যাৱৰ্তন ঘটা মহম্মদ শ্বামিয়ে কিৱি দলৰ ৫ টা উইকেট দখল কৰি ত্ৰাসৰ সৃষ্টি কৰে ৷ কুলদীপ যাদৱে দখল কৰে ২ টা উইকেট ৷ যশপ্ৰীত বুমৰাহ আৰু মহম্মদ চিৰাজে এটাকৈ উইকেট লাভ কৰে ৷
২৭৪ ৰানৰ লক্ষ্য আগত লৈ নিজৰ ইনিংছ আৰম্ভ কৰি ভাৰতে অধিনায়ক ৰোহিত শৰ্মা আৰু শুভমন গিলে স্বভাৱ সুলভ বেটিঙেৰে দলক এক শক্তিশালী আৰম্ভণি দিয়ে ৷ ব্যক্তিগত ৪৬ ৰাণত ৰোহিত শৰ্মা আৰু ২৬ ৰাণত শুভমন গিল পেভিলিয়নমুখী হোৱাৰ পাছত তাৰকা খেলুৱৈ বিৰাট কোহলীয়ে দলক লক্ষ্যত উপনীত কৰাৰ দায়িত্ব কান্ধ পাতি লয় ৷ মাত্ৰ ৫ ৰাণৰ বাবে শতক বঞ্চিত কোহলীয়ে ১০৪ টা বলত ৯৫ ৰাণ ৰান কৰি আউট হয়।
ইফালে শ্ৰেয়াছ আয়াৰে ২৯ টা বলত ৩৩ ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে কে.এল.ৰাহুলে ৩৫ টা বলত ২৭ ৰাণ সংগ্ৰহ কৰে ৷ ৰবীন্দ্ৰ জাডেজাই ৪৪ টা বলত ৩৯ ৰাণ কৰি অপৰাজিত হৈ থাকে ৷ আজিৰ খেলত দললৈ প্ৰত্যাৱৰ্তন ঘটা সূৰ্যকুমাৰ যাদৱ মাত্ৰ ২ ৰাণ সংগ্ৰহ কৰি ৰাণ আউটৰ চিকাৰ হয় ৷
নিউজীলেণ্ডৰ হৈ ল’কী ফাৰ্গুছনে সাৰ্বাধিক ২ টা উইকেট দখল কৰাৰ বিপৰীতে ট্ৰেন্ট ব’ল্ট, মিটছেল চেন্টনাৰ আৰু মেট হেনৰীয়ে এটাকৈ উইকেট দখল কৰে ৷