HMPV ভাইৰাছে ভয়াবহ ৰূপ লৈছে আমেৰিকা যুক্তৰাষ্ট্ৰত…

ক’ভিড ১৯ ৰ পিছত এইবাৰ HMPV (Human metapneumovirus) ভাইৰাছৰ আতংকই দেখা দিছে মাৰ্কিন যুক্তৰাষ্ট্ৰত । ইতিমধ্যেই যুক্তৰাষ্ট্ৰখনত বহু লোক এই ৰোগত আক্ৰান্ত হৈছে । বিগত সপ্তাহত দেশখনৰ ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰই (চিডিচি) দাখিল কৰা প্ৰতিবেদন অনুসৰি চলিত বৰ্ষৰ মাৰ্চ মাহত ১১ শতাংশ লোকৰ পৰীক্ষা কৰাতো প্ৰায় সংখ্যক লোকৰে পজিটিভ ধৰা পৰিছে ।

এই ৰোগত আক্ৰান্ত হোৱা লোকসকলে কৰোনা ভাইৰাছৰ দৰেই প্ৰায় একেই শ্বাসতন্ত্ৰৰ সমস্যাত ভুগে । এই ৰোগ এজনৰ পৰা আন এজনলৈ সহজে বিয়পে ।যদিওবা এই ৰোগে সকলো বয়সৰ লোককে সংক্ৰমন কৰে বৰ্তমানলৈ শিশু, বৃদ্ধৰ লগতে যিসকলৰ ইউমিনিটি দুৰ্বল সেইসকলক অধিক এই ৰোগত আক্ৰান্ত হোৱা দেখিবলৈ পোৱা গৈছে ।

তদুপৰি এই ৰোগৰ লক্ষণসমূহ হৈছে কাহ, জ্বৰ, উশাহ ছুটি অনুভৱ কৰা আদি ।উপযুক্ত সময়ত এই ৰোগীয়ে চিকিৎসা নকৰালে পৰৱৰ্তী সময়ত নিউমনীয়া, ব্ৰংকাইটিছত আক্ৰান্ত হ’ব পাৰে । HMPV ভাইৰাছৰ সম্পূৰ্ণ নাম হৈছে হিউমেন মেটাফনেম ভাইৰাছ ।

Leave a Reply

Your email address will not be published. Required fields are marked *