Sports Desk: জয়েৰে বিশ্বকাপৰ যাত্ৰা আৰম্ভ ভাৰতীয় ক্ৰিকেট দলৰ ৷ আইচিচি পুৰুষ ক্ৰিকেট বিশ্বকাপ ২০২৩ৰ দেওবাৰে চেন্নাইৰ এম এ চিদাম্বৰম ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ভাৰত-অষ্ট্ৰেলিয়াৰ প্ৰথমখন মেচত ভাৰতে 6 উইকেটত জয়লাভ কৰে ৷ 200 ৰাণৰ সহজ বিজয় লক্ষ্য আগত লৈ 41.2 অভাৰতে 4 উইকেট হেৰুৱাই বিজয় সাব্যস্ত কৰে ভাৰতে ৷

নিজৰ ইনিংছ আৰম্ভ কৰি ভাৰতে মাত্ৰ 2 ৰাণতে তিনিটাকৈ গুৰুত্বপূৰ্ণ উইকেট হেৰুৱাই শলঠেকত পৰিছিল যদিও, তাৰকা খেলুৱৈ বিৰাট কোহলী আৰু কে এল ৰাহুলে যুটী বান্ধি দলটোক বিপৰ্যয়ৰ পৰা উদ্ধাৰ কৰে ৷
কোনো ৰাণ নকৰাকৈ পেভিলিয়নমুখী হোৱা অধিনায়ক ৰোহিত শৰ্মা, ইষাণ কিষণ আৰু শ্ৰেয়াছ আয়াৰৰ পাছত বিৰাট কোহলী আৰু কে এল ৰাহুল ত্ৰাণকৰ্তাৰ ৰূপত অৱতীৰ্ণ হয় ৷ ধৈৰ্য সহকাৰে এক সুস্থিৰ ইনিংছ খেলি দুয়োজন তাৰকা বেটছমেনে ভাৰতীয় দলক বিজয়ৰ সোৱাদ দিয়ে ৷

বিৰাট কোহলীয়ে 116 টা বলত 85 ৰাণ কৰি হেজেলউডৰ হাতত নিজৰ উইকেট বিসৰ্জন দিয়াৰ বিপৰীতে কে এল ৰাহুলে 115 বলত 97 ৰাণ কৰি অপৰাজিত হৈ থাকে ৷ ইফালে হাৰ্ডিক পাণ্ডিয়াই 8 টা বলত 11 ৰাণ কৰি অপৰাজিত হৈ থাকে ৷ কে এল ৰাহুল প্লেয়াৰ অব দ্য মেচ হিচাবে বিবেচিত হয় ৷
অষ্ট্ৰেলিয়াৰ হৈ জ’ছ হেজেলউডে 9 অভাৰত এটা মেইডেন অভাৰসহ 38 ৰাণ খৰছ কৰি 3 টা উইকেট দখল কৰে ৷ মিটশ্বেল ষ্টাৰ্কে 8 অভাৰত 31 ৰাণ খৰছ কৰি 1 টা উইকেট দখল কৰে ৷