Cricket World Cup 2023: অৱশেষত জয়ৰ মুখ দেখিলে কেংগাৰু বাহিনীয়েঃ অষ্ট্ৰেলিয়াৰ হাতত ৫ উইকেটত পৰাস্ত শ্ৰীলংকা

অৱশেষত জয়ৰ মুখ দেখিলে কেংগাৰু বাহিনীয়ে। অষ্ট্ৰেলিয়াৰ হাতত ৫ উইকেটত পৰাস্ত শ্ৰীলংকা।

পেট কামিন্স নেতৃত্বাধীন অষ্ট্ৰেলিয়া চলিত বিশ্বকাপৰ পূৰ্বে ফেভাৰিট আছিল। কিন্তু একেৰাহে দুখন মেচত পৰাজয়ৰ পিছত অষ্ট্ৰেলিয়াই প্ৰথম বিজয়ৰ লক্ষ্যৰে মেচখনত অৱতীৰ্ণ হৈছিল। আনহাতে, শ্ৰীলংকাই কুশল মেণ্ডিছৰ অধিনায়কত্বত পুনৰ জয়ৰ ধাৰালৈ উভতি অহাৰ লক্ষ্যৰে অৱতীৰ্ণ হয়। কিন্তু মেচখনত ৫ উইকেটত জয়লাভেৰে চলিত বিশ্বকাপত অষ্ট্ৰেলিয়াই প্ৰথমটো জয়ৰ সোৱাদ লাভ কৰে ।

প্ৰথমে বেটিঙৰ সিদ্ধান্ত লৈ ক্ৰিজত নমা শ্ৰীলংকাৰ দুই
অপেনাৰ পাথুম নিশাংকা আৰু কুশল পেৰেৰাই সিংহলী দলটোক সুন্দৰ আৰম্ভণি প্ৰদান কৰে। দুয়োৱে অপেনিং উইকেটত ১২৫ ৰাণ সংগ্ৰহ কৰে । কিন্তু অষ্ট্ৰেলিয়ান অধিনায়ক পেট কামিন্সৰ বলত ডেভিদ ৱাৰ্ণাৰৰ হাতত কেচ দি ক্ৰিজ এৰে পাথুম নিশাংকাই । পাথুম নিশাংকাই ৬৭ বলত ৬১ ৰাণ কৰি আউট হয় । আনহাতে, আনগৰাকী অপেনাৰ কুশল পেৰাৰাই ৮২ বলত ৭৮ ৰাণ কৰি বিদায় লয়। ইয়াৰ পিছতে শ্ৰীলংকাৰ ইনিংছে খোপনি হেৰুৱায় আৰু কেংগাৰু বলাৰ ছন্দলৈ উভতি আহে ৷ অধিনায়ক কুশল মেণ্ডিছে ধ্ৰীলংকাৰ ইনিংছৰ গঢ়াৰ দায়িত্ব লোৱাৰ সময়তে তেওঁকো পেভিলিয়নৰ ৰাস্তা দেখুৱায় আডাম জাম্পাই । এক দৰ্শনীয় কেচ আয়ত্ত কৰি ডেভিদ ৱাৰ্ণাৰে তেওঁক আউট কৰে । ইয়াৰ পিছত কেৱল যেন আনুষ্ঠানিকতাহে ৰক্ষা কৰিবলৈ শ্ৰীলংকান বেটছমেনসকল ক্ৰিজলৈ আহে । এটাৰ পিছত আন এটা উইকেট হেৰুৱাই শ্ৰীলংকা বেকফুটলৈ যায়।

অষ্ট্ৰেলিয়াৰ হৈ সফল বলাৰ হৈছে আডাম জাম্পা।
জাম্পাই ৮ অভাৰত ৪৭ ৰাণৰ বিনিময়ত ৪ টা উইকেট
দখল কৰে৷ পেট কামিন্সে দুটা উইকেট লাভ কৰে।

পিছত শ্ৰীলংকাৰ ২০৯ ৰাণৰ বিজয় লক্ষ্য অনুসৰণ কৰি ৩৫.২ অভাৰত অষ্ট্ৰেলিয়াই ২১৫ ৰাণ সংগ্ৰহ কৰে। অষ্ট্ৰেলিয়াৰ হৈ জছ ইংগিছে সৰ্বাধিক ৫৮ ৰাণ সংগ্ৰহ কৰে । আনহাতে, মিচেল মাৰ্চেও এক অৰ্ধশতকীয় ইনিংছ খেলে। শ্ৰীলংকাৰ হৈ দিলশান মাদুশাংকাই তিনিটা উইকেট দখল কৰে।