CC TV কেমেৰাত বন্দী চোৰৰ চুৰিকাণ্ড

বেজৰ নাকতে খৰ ! চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ গাতে লাগি আছিল আৰক্ষী চকীটো ৷ তাৰ পিছতো কিদৰে চলিল চোৰৰ উপদ্ৰৱ ৷

CCTV কেমেৰাত বন্দী সমগ্ৰ দৃশ্য ৷

ঘটনাটো নলবাৰী জিলাৰ পশ্চিম নলবাৰী ৰাজহ চক্ৰৰ ৷ এমাহৰ ভিতৰতে চক্ৰ বিষয়াৰ কাৰ্যালয়টোত সংঘটিত হ’ল দুটাকৈ চুৰি কাৰ্য্য ৷ শেহতীয়াকৈ ২ জুনত কাৰ্যালয়টোত সংঘটিত হৈছিল চুৰিকাণ্ডৰ ঘটনা ৷ চক্ৰ বিষয়াৰ কাৰ্যালয়ত থকা CCTV কেমেৰাত বন্দী হৈছিল সমগ্ৰ দৃশ্য৷তাৰ পিছতে যেন তৎ আহিল চামতা পহৰা আৰক্ষী চকীৰ ৷ আৰক্ষীয়ে আৰম্ভ কৰিলে তদন্ত ৷ অৱশেষত CCTV ৰ ফুটেজৰ ভিত্তিত নিশা আৰক্ষীয়ে আটক কৰিলে কাৰ্যালয়টোত চুৰি কাৰ্য্য সংঘটিত দুই গভাইত চোৰক ৷ দুয়োজন চোৰৰে ঘৰ পশ্চিম নলবাৰী অঞ্চলতে ৷ দুই গভাইত চোৰ ক্ৰমে চামতা মোল্লাপাৰাৰ তাজিম আলী (২২) আৰু চামতা পহলংপাৰাৰ মইদুল আলী (২৩) ৷

এতিয়া প্ৰশ্ন হয় মাত্ৰ এটা মাহৰ ভিতৰতে দুটাকৈ চুৰিকাণ্ড সংঘটিত হ’ল কেনেকৈ চক্ৰ বিষয়াৰ কাৰ্যালয়ত ৷ ইফালে চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ নিচেই কাষতে আৰক্ষী চকীটো থকাৰ পিছতো চুৰিকাণ্ড হোৱাক কেন্দ্ৰ কৰি আৰক্ষীৰ ভূমিকাক লৈয়ো স্বাভাৱিকতে প্ৰশ্ন উত্থাপিত হৈছে ৷