CBIয়ে ইতিমধ্যে আৰম্ভ কৰিছে আৰক্ষী বিষয়া জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ তদন্ত । বুধবাৰে নিশা নতুন দিল্লীৰ পৰা IPS বিষয়া তথা CBIৰ মহাপৰিদৰ্শক লাভলী কাটিয়াৰৰ নেতৃত্বত অসমলৈ অহা CBIৰ দলটোৱে বৃহস্পতিবাৰে জখলাবন্ধাৰ দূৰ্ঘটনাস্থলী পৰিদৰ্শন কৰাৰ লগতে সমগ্ৰ বিষয়টোৰ অনুসন্ধান আৰম্ভ কৰিছে।
CBI ৰ লক্ষ্য ক্ষিপ্ৰতাৰে তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি প্ৰতিবেদন দাখিল কৰা ! বৃহস্পতিবাৰৰ নিশা সংস্থাটোৰ ডিআইজি লাভলী কাটাৰিয়া গুৱাহাটীলৈ ঘূৰি যোৱাৰ বিপৰীতে DSP মণিন্দৰ সিঙৰ নেতৃত্বত চিবিআইৰ এটা দলে নগাঁও আৱৰ্ত ভৱন আৰু নগাঁও পৰ্য্যটন আৱাসত বাহৰ পাতি আছে।
চিবিআইৰ উপ আৰক্ষী অধীক্ষক মণিন্দৰ সিঙে নগাঁৱত গোচৰটোৰ অনুসন্ধানৰ দায়িত্ব লৈছে। উল্লেখযোগ্য যে, পঞ্জাৱ আৰক্ষীৰ বিষয়া মণিন্দৰ সিঙে পূৰ্বতে বহু জটিল গোচৰ সমাধান কৰি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ শিৰোণাম দখল কৰিছিল।
শেহতীয়া তথ্য অনুসৰি চিবিআইৰ দলটোৱে নগাঁৱত ১০-১২দিন বাহৰ পাতি থাকি বিষয়টোৰ অনুসন্ধান চলাব। চিবিআইৰ দলটোৱে নগাঁও আৰক্ষীৰ কেইবাগৰাকীও বিষয়াক জেৰা চলোৱাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে, জোনমণি ৰাভাৰ মৃত্যুৰ পিছতে নগাঁও আৰক্ষীত চলি থকা চৰম দূৰ্নীতিৰাজৰ বিষয়ে সংবাদ মাধ্যমত সম্প্ৰচাৰ হৈছিল। নগাঁও আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতা মুখ্য কাৰ্যালয়লৈ বদলি, নগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ ৰাজবংশীক নিলম্বন আৰু হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আভাজ্যোতি ৰাভাক হেডকোৱাৰ্টাৰ ক্ল’জ কৰাৰ বিপৰীতে নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলেক হাইলাকান্দি, নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সদৰ ত্ৰিদিৱ কুমবাঙক তামুলপুৰ আৰু ধিং থানাৰ অ’চি ৰাজা ইৰশ্বাদক কঁচুৱালৈ বদলি কৰা হৈছিল। এই আটাইকেইজনৰ বিৰুদ্ধে জোনমণিৰ মাতৃ সুমিত্ৰা ৰাভাই অভিযোগ আনিছিল। চিবিআইৰ দলটোৱে এই আটাইকেইগৰাকী বিষয়াকে জেৰা চলোৱাৰ সম্ভাৱনা আছে।
আনহাতে, বিগত সময়ছোৱাত নগাঁও আৰক্ষীত চলা দূৰ্নীতিৰাজ, ড্ৰাগছ আৰু তীৰ মাফিয়াৰ সৈতে নগাঁও আৰক্ষীৰ সম্পৰ্কৰ বাবেই জোনমণি ৰাভাই মৃত্যুক সাৱতি ল’ব লগা হ’ল বুলিও সংবাদ মাধ্যমত অভিযোগ উঠিছিল।
চিবিআইৰ দলটোৱে জোনমণিৰ বিৰুদ্ধে গোচৰ দিয়া নকল সোণৰ ব্যৱসায়ী আজগৰ আলী, জোনমণিৰ সৈতে সম্পৰ্ক থকা অপৰাধী চক্ৰৰ ৰিয়াজুল আৰু আজিজুৰকো জেৰা চলাব। অৱশ্যে এতিয়াও নগাঁও আৰক্ষীৰ দালাল ৰূপে পৰিচিত কুখ্যাত অপৰাধী নুৰ মহম্মদ ওৰফে কালিয়া পলাতক হৈ আছে। চিবিআইৰ দলটোৱে ঘটনাৰ প্ৰত্যক্ষদৰ্শী ৰূপে নিজকে দাবী কৰা প্ৰণৱ দাস আৰু আৰক্ষীৰ গাড়ীচালক অনিল ভূঞাকো জেৰা চলোৱাৰ সম্ভাৱনা আছে।