আশংকাই সঁচা হৈ পৰিল। বৰষুণে উটুৱাই নিলে ভাৰত-পাকিস্তানৰ খেলখন। নিশা ৯.৫৩ বজাত এই খেলখন পৰিত্যক্ত ঘোষণা কৰা হয়। পাকিস্তানে বেটিং কৰিব নোৱাৰিলে। গতিকে অৱশেষত মেচখন বাতিল কৰা হ’ল।পাকিস্তানে দুখন মেচত ৩ পইণ্ট লাভ কৰি ছুপাৰ ফ’ৰত প্ৰৱেশ কৰে।
পাল্লেকেলেত ৯০ শতাংশ বৰষুণৰ আগজাননী দিয়া হৈছিল। তাৰ পিছতো ক্ৰিকেট প্ৰেমীসকলে গোটেই মেচখনৰ বাবে আশা কৰি আছিল।
ইপিনে, খেলৰ প্ৰথম ইনিংছত দুটা বিষাক্ত স্পেলেৰে ১০ অভাৰত ৩৫ ৰান দি ৪টা উইকেট দখল কৰে শ্বাহীন আফ্ৰিদিয়ে। তেওঁৰ আক্ৰমণৰ বলি হয় ৰোহিত শৰ্মা, বিৰাট কোহলী, হাৰ্দিক পাণ্ডিয়া আৰু ৰবীন্দ্ৰ জাডেজা। ইয়াতেই মেচখন ঘূৰি যায়। ভাৰতে ৪৮.৫ অভাৰত ২৬৬ ৰান সংগ্ৰহ কৰি ইনিংছৰ অন্ত পেলায়। অৱশ্যে ৬৬ ৰানত ৪ উইকেট হেৰুৱাই ভাৰতৰ ইনিংছ আগতেই শেষ হ’ব পাৰিলেহেঁতেন৷ কিন্তু মিডল অভাৰত স্পিনাৰসকলৰ ব্যৰ্থতা আৰু নিম্নমানৰ ফিল্ডিঙে ভাৰতক মেচখনত পুনৰ আগবঢ়াত সহায় কৰে।
আনহাতে, পাকিস্তানৰ তীক্ষ্ণ পেচ আক্ৰমণৰ সন্মুখত জিলিকিল হাৰ্দিক-ইশান। হাৰ্দিক পাণ্ডিয়াৰ সৈতে পাৰ্টনাৰশ্বিপেৰে পঞ্চম উইকেটৰ যুটীত ঈশানে ১৩৮ ৰান যোগ দিয়ে। এছিয়া কাপত পঞ্চম উইকেটত এয়া ভাৰতৰ সৰ্বোচ্চ ৰান। এই দুয়োজনৰ বেটিঙেৰে ভাৰতে মেচলৈ উভতি আহিছিল। ঈশানে ৮১টা বলত ৮২ ৰান সংগ্ৰহ কৰি আউট হয়। হাৰ্দিকে দায়িত্বশীলভাৱে বেটিং কৰি এটা ছয় আৰু ৭ টা চাৰিৰ সহায়ত ৯০ বলত ৮৭ ৰান সংগ্ৰহ কৰে।
শ্বাহীন আফ্ৰিদিৰ পেচত ভাৰতে আৰম্ভণিতে বেটিং দুৰ্যোগৰ সন্মুখীন হৈছিল। পাক পেচাৰগৰাকীয়ে প্ৰথমতেই ৰোহিত শৰ্মা (১১), বিৰাট কোহলী (৪)ক ঘূৰাই পঠিয়ায়। শুভমন গিল (১০) আৰু শ্ৰেয়াছ আয়াৰেও (১৪) ৰান নাপালে।