AIIMS ত মূখ্যমন্ত্ৰী- OSD ৰ নাম লৈ ভুৱা নিযুক্তিৰ চেষ্টা প্ৰবঞ্চকৰ।

AIIMS ত মূখ্যমন্ত্ৰী- OSD ৰ নাম লৈ ভুৱা নিযুক্তিৰ চেষ্টা প্ৰবঞ্চকৰ।

এইগৰাকী লক্ষী কিশোৰ চৌধুৰী।প্ৰবঞ্চক,প্ৰতাৰক।মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে মুখ্যমন্ত্ৰী ড° শৰ্মাৰ oSD হেমন্ত চৌধুৰীয়ে অনুমতি দিয়া বুলি প্ৰচাৰ চলাই প্ৰায় ৩০ জনৰো অধিক যুৱক-যুৱতীক বিগত প্ৰায় এমাহ ধৰি দি আহিছে চিকিউৰিটি গাৰ্ডৰ প্ৰশিক্ষণ।ভিন্ন প্ৰান্তৰ পৰা আহি প্ৰশিক্ষণ লৈ থকা প্ৰতিগৰাকী যুৱক-যুৱতীক AIIMS ত নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰবঞ্চকজনৰ।ইতিমধ্যে নিযুক্তি বিচাৰি অসংখ্য যুৱক-যুৱতীয়ে ভিৰ কৰেহি চাংসাৰিত ভাড়াতীয়া হিচাপে থকা লক্ষী কিশোৰ চৌধুৰীক।সাংবাদিকৰ এটি গোটে বিশেষ সূত্ৰৰ পৰা খবৰ লাভ কৰি দুজনকৈ যুৱকক।প্ৰাৰ্থী ৰূপে পঠাই বিষয়টো সন্দৰ্ভত বিতং তথ্য বিচৰাত ওলাই পৰিল জোলোঙাৰ মেকুৰী।প্ৰবঞ্চক জনৰ হাতত নাই মুখ্যমন্ত্ৰীয়ে দিয়া কোনো ধৰণৰ লিখিত নথি পত্ৰ,নাই কোনো চিকিউৰিটি এজেন্সী।অসংখ্যজনৰ পৰা প্ৰায় ১০০০,২০০০, ২৫০০ টকাকৈ ধন লোৱাৰো অভিযোগ উঠিছে।ইতিমধ্য সাংবাদিকৰ গোট এটিয়ে চাংসাৰি আৰচীক আজি গতাই দিছে প্ৰবঞ্চক লক্ষী কিশোৰ চৌধুৰীক।

চাংসাৰিৰ পৰা পৱন নীল কাশ্যপ ৰিপোৰ্ট

Leave a Reply

Your email address will not be published. Required fields are marked *