আজি বিজয়া দশমী, ধৰাৰ পৰা বিদায় ল’ব মা দুৰ্গাই

ডিজিটেল ডেক্স: আজি বিজয়া দশমী। ষষ্ঠীত প্ৰতিষ্ঠা কৰা দেৱীক আজি বিসৰ্জন দিয়া হ’ব। ৫ দিনীয়া শাৰদীয় দুৰ্গোত্‍‍সৱৰ আজি অন্তিম দিন। অশ্ৰুসিক্ত নয়নেৰে দেৱীক বিদায় দিবলৈ সাজু ভক্ত। বিজয়া দশমীৰ পুৱাৰে পৰা পূজা মণ্ডপত আৰম্ভ ভিৰ।

পৰম্পৰা ৰক্ষা কৰি পুৱাৰে পৰা আৰম্ভ সেন্দূৰৰ খেল। দেৱী বিসৰ্জনৰ বাবে পুৱাৰে পৰা তত্‍‍পৰতা প্ৰশাসনৰ। লুইতকে ধৰি বিভিন্ন নৈ-উপনৈৰ ঘাটত বিসৰ্জনৰ ব্যৱস্থা।

এইবাৰ মা দুৰ্গাৰ ঘোৰাত ধৰালৈ আগমন হৈছিল আৰু দেৱী দুৰ্গাই গমন কৰিব ঘোৰাতেই।

মা দুৰ্গাৰ আশীৰ্বাদ পাবলৈ এই নৱৰাত্ৰি উৎসৱ পালন কৰা হয়। নৱৰাত্ৰীৰ পিছত দশেৰা উদযাপন কৰা হয় । দশেৰাক বিজয়া দশমী, আয়ুধা পূজা বুলিও জনা যায়। হিন্দু পঞ্জিকা অনুসৰি প্ৰতি বছৰে আহিন মাহৰ শুক্ল পক্ষৰ দশম দিনা এই পৱিত্ৰ দশেহৰা উৎসৱ পালন কৰা হয় ।

অন্যায়ৰ ওপৰত ন্যায়ৰ বিজয় হিচাপে এই উৎসৱ পালন কৰা হয় । এইবাৰ এই উৎসৱ ২৪ অক্টোবৰ, মংগলবাৰে উদযাপন কৰা হৈছে । হিন্দু ধৰ্মৰ নিয়ম অনুসৰি আজিৰ দিনটোতে ভগৱান ৰামে লংকপতি ৰাৱণক বধ কৰি মাতৃ সীতাক ৰক্ষা কৰে । দশমূৰীয়া ৰাৱণৰ অন্ত পৰাৰ বাবে ইয়াক কেতিয়াবা দশেহৰা আৰু কেতিয়াবা দশেৰ বুলিও কোৱা হয় ।

দেশৰ ভিন্ন স্থানত অতি ধুম-ধামেৰে উদযাপন কৰা হয় দশহেৰা তাৰে ভিতৰত কেইটামান স্থান হ’ল- মধ্য প্ৰদেশৰ মন্দসৌৰ, উজ্জয়ন, মহাৰাষ্ট্ৰ অমৰাৱতী, উত্তৰ প্ৰদেশৰ বিশৰখ, উত্তৰ প্ৰদেশৰ জসৱন্তনগৰ হিমাচল প্ৰদেশৰ বেজনাথ, অন্ধ্ৰপ্ৰদেশৰ কাকিনাড, ৰাজস্থানৰ যোধপুৰ, কৰ্ণাটকৰ মাণ্ডিয়া জিলা, লগতে দক্ষিণ ভাৰতৰ বহু কেইখন জিলাত অতি আড়ম্বপূৰ্ণভাৱে দশহেৰা উদযাপন কৰা হয়।

ৰাৱণে সীতাক হৰণ কৰাৰ পিছত ৰাৱণ আৰু ভগৱান শ্ৰীৰামৰ মাজত দহ দিন ধৰি যুদ্ধ চলিছিল । শেষত আহিনৰ শুক্লা দশমীৰ দিনা মাতৃ দুৰ্গাৰ পৰা লাভ কৰা দিব্যাষ্ট্ৰৰ সহায়ত ভগৱান ৰামে অহংকাৰী ৰাৱণৰ অন্ত পেলায় । অসত্যৰ ওপৰত সত্য আৰু ন্যায়ৰ বিজয়ৰ উদযাপন হিচাপে ৰাৱণৰ মৃত্যুক উদযাপন কৰা হয় । ভগৱান ৰামে ৰাৱণৰ ওপৰত জয়লাভ কৰিছিল, সেয়েহে এই দিনটোক বিজয়া দশমী বুলিও কোৱা হয়।

আজিৰ দিনটোতে মা দুৰ্গাই মহিষাসুৰকো বধ কৰিছিল । মহিষাসুৰ নামৰ এই অসুৰে ত্ৰিলোকত হুলস্থুলৰ সৃষ্টি কৰিছিল । আনকি যেতিয়া দেৱতাসকলে এই দানৱৰ দ্বাৰা অশান্তি পাইছিল । মহিষাসুৰৰ পৰা দেৱতা আৰু সমগ্ৰ বিশ্বক মুক্ত কৰাৰ উদ্দেশ্যে দেৱীয়ে অশ্বিন শুক্ল দশমীৰ দিনা মহিষাসুৰক বধ কৰে। দেৱীৰ বিজয়ত সন্তুষ্ট হৈ দেৱতাসকলে বিজয়া দেৱীক পূজা কৰিছিল আৰু তেতিয়াৰ পৰাই এই দিনটোক বিজয়া দশমী বুলি কোৱা হয়। লগতে আজিৰ দিনটোত দেৱীৰ মূৰ্তিও বিসর্জন দিয়া হয় ৷ ইয়াৰ সমান্তৰালকৈ আজিৰ দিনটোত অস্ত্ৰ-শস্ত্ৰৰো পূজা কৰা হয় । ভাৰতীয় সেনাইও আজিৰ দিনটোত অস্ত্ৰ-শস্ত্ৰৰ পূজা কৰে ।

ৰাজ্যৰ সকলো জিলাতে দেৱীৰ বিসৰ্জনক লৈ প্ৰশাসনে যথেষ্ট সৰ্তকতা অৱলম্বন কৰিছে। মহানগৰত যানবাহন চলাচলত বিশেষ নিৰ্দেশনা জাৰি কৰিছে প্ৰশাসনে।