সৰভোগঃ সৰভোগ স্থিত বৰনগৰ মহাবিদ্যালয়ৰ হীৰক জয়ন্তী উদযাপনৰ আজি অন্তিম দিনত ওখল-মাখল পৰিবেশে বিৰাজ কৰিছে মহাবিদ্যালয়খনত।
সৰভোগৰ ঐতিয্যমণ্ডিত বৰনগৰ মহাবিদ্যালয়ত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ ।
কটকটীয়া নিৰাপত্তা ব্যষ্টনিৰে গঢ়ি তুলিছে বৰনগৰ মহাবিদ্যালয় চৌহদ।
তিনি দিনীয়া কাৰ্য্যসূচীৰ আজি অন্তিম দিনত মুকলি সভা অনুষ্ঠিত হৈ যায়।
অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, জয়ন্ত মল্ল বৰুৱা, অসম চৰকাৰৰ কেবিনেট বৈঠকৰ বাবে বৰনগৰ মহাবিদ্যালয়ৰ হীৰক জয়ন্তীত উপস্থিত থাকিব নোৱাৰে বুলি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে অধ্যাক্ষ ড৹ বীৰেণ কুমাৰ চক্ৰৱৰ্তীক অৱগত কৰে । পৰবৰ্তী সময়ত মহাবিদ্যালয়ৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব।
আজি অন্তিমটো নিশা ভাগত হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰী আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰে ভৰি পৰিছে বৰনগৰ মহাবিদ্যালয়ৰ চৌহদত।
জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ বাৰে বৰণীয়া গীত উপভোগ কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলৰ হেতাপৰা ভীৰ ।
জুবিন গাৰ্গৰ গীতৰ তালে তালে নাচি বাগি আত্মহাৰা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ।