ৰঙিয়াঃ কংগ্ৰেছে বিজেপি চৰকাৰক সমালোচনা কৰাৰ আগতে তেওলোকৰ শাসন কালত কিমান ফুটা আছিল সেয়া হিচাপ কৰিব দিছে মংগলদৈৰ সাংসদ দিলীপ শইকীয়াই । বিজেপিৰ যদি দুই এটা ফুটা আছে সেয়া ধুনীয়াকৈ বাটি দিব । কিন্তু কংগ্ৰেছৰ কংগ্ৰেছৰ ইমানেই ফুটা আছে যে এটা বাটিলে আনটো খোল খাই যায় ।
কংগ্ৰেছ দলৰ সমালোচনাৰ স্তৰটো নিম্ন গামী বুলিও উল্লেখ কৰে সাংসদ গৰাকীয়ে । বাইহাটা চাৰিআলিৰ মুক্তাপুৰত এটি উচ্চ ক্ষমতা সম্পন্ন লাইট উন্মোচন কৰি এইদৰে কয় সাংসদ গৰাকীয়ে । আনফালে আগন্তু লোক সভা নিৰ্বাচনত দৰং ওডালগুৰি সমষ্টিৰ অন্তৰ্গত ৰঙিয়া বিধান সভা সমষ্টিৰ পৰা INDIA সমৰ্থিত প্ৰাৰ্থীক বিজেপিত কৈ এটা হলেও বেছি ভোট দিব বুলি দুলু আহমেদে কৰা মন্তব্য প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সাংসদ গৰাকীয়ে কয় যে দুলু আহমেদৰ মন্তব্যত প্ৰতিক্ৰিয়া দিয়াৰ এই সময়ত প্ৰয়োজন নাই।
কিন্তু ৰঙিয়া সমষ্টিত যিহেতু বিজেপিৰ বিধায়ক আছে সেয়ে ৰঙিয়া সমষ্টিত বিজেপিয় ৪০ হাজাৰৰো অধিক ভোটৰ ব্যৱধানত ৰঙিয়াৰ পৰা বিজেপিয়ে জিকিব বুলি কয় সাংসদ দিলীপ শইকীয়াই ।
লগতে দুল আহমেদে এটা ভোট বেছিকৈ দিব নোৱাৰিলে ২৬ৰ বিধান সভা নিৰ্বাচনত প্ৰতিদণ্ডিতা নকৰো বুলি কোৱা কথাষাৰত দিলীপ শইকীয়াই দুলু আহমেদে ৰাজনৈতিক জীৱনৰ পৰা সন্যাস লোৱালৈ বাট ছাই থকাৰ কথা উল্লেখ কৰে ।