গুৱাহাটী খানাপাৰাৰ কইনাধৰাত দুৰ্বৃত্তৰ গুলীত যুৱকৰ মৃত্যু

গুৱাহাটীঃ আজি সন্ধিয়া কইনাধৰাত সংঘটিত হৈছিল এক গুলীচালনাৰ ঘটনা। এজন যুৱকলৈ লক্ষ্য কৰি গুলীচালনা কৰিছিল দুৰ্বৃত্তই। বুকুত গুলী লাগিছিল যুৱকজনৰ। যুৱকজনৰ নাম অঞ্জন নাথ। অঞ্জন নাথৰ ঘৰ বশিষ্ঠৰ লতাকতাত। বশিষ্ঠৰ ওজা জেচিবি শ্ব’ৰুমত কৰ্মৰত আছিল যুৱকজন।

সংকতজনক অৱস্থাত গুলীবিদ্ধ যুৱকজনক হাস্পতাললৈ প্ৰেৰণ কৰা হয় যদিও মৃত্যুক সাবটি লয়।স্কুটীত অহা দুৰ্বৃত্তই অঞ্জন নাথক গুলীয়াই থৈ যায় বুলি সদৰী কৰিছে প্ৰত্যক্ষদৰ্শীয়ে । যুৱকজনলৈ গুলীচালনা কৰি পলায়ন কৰে দুৰ্বত্তই। ঘটনাস্থলীত উদ্ধাৰ হৈছে খালী কাৰ্টিজ।

ঘটনাস্থলীত ইতিমধ্যে উপস্থিত হৈছে আৰক্ষী আয়ুক্ত দিগন্ত বৰা । পৰৱৰ্তী সময়ত প্ৰত্যক্ষদৰ্শীয়ে দুৰ্বৃত্তই ইয়ামাহা বাইক আহি উক্ত ঘটনা সংঘটিত কৰা বুলি অভিহিত কৰে । কি কাৰণত এই ঘটনা সংঘটিত হ’ল সেয়া বৰ্তমানেও ৰহস্যৰ আৱৰ্তত । মহানগৰ আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।