ডিজিটেল ডেক্সঃ অৱশেষত আহিল দুঃসংবাদটো। যোৱা ৪ অক্টোবৰত ছিকিমত ডাৱৰ বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা ভয়ংকৰ বানপানীত নিৰুদ্দেশ হৈ থকা আন ২৩ গৰাকী সেনা যোৱানৰ লগত আছিল অসমৰ ভাৰতীয় সেনা জোৱান মিতুল কলিতা। আজি মিতুলৰ মৃত্যু হোৱা বুলি নিশ্চিত হ’ল পৰিয়ালৰ লগতে অসমবাসীয়ে।
আজি পুৱা অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই কথা নিশ্চিত কৰে।
‘ছিকিমৰ প্ৰলয়ংকৰী বানত নিখোঁজ হোৱা ভাৰতীয় সেনাৰ জোৱান মিতুল কলিতাৰ মৃত্যুৰ খবৰে ব্যথিত কৰিলে’, ফেইচবুক প’ষ্টযোগে এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
মুখ্যমন্ত্ৰীয়ে লগতে জোৱানজনৰ বিদেহী আত্মাৰ চিৰশান্তিৰ অৰ্থে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে৷
জানিব পৰা অনুসৰি, বাক্সা জিলা নিবাসী সেনা জোৱান মিতুল কলিতাৰ মৃতদেহ আজি ৰাতিপুৱা উদ্ধাৰ হয়।
ইফালে প্ৰাকৃতিক দুৰ্যোগগ্ৰস্ত ছিকিমৰ পৰা ইতিমধ্যে ১৪২ জনৰো অধিক অসমৰ ছাত্ৰ-ছাত্ৰীক উদ্ধাৰ কৰা হৈছে। আৰু আজি ছিকিমৰ পৰা অসমৰ প্ৰায় ১৫০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে নিজৰ ঘৰত উপস্থিত হোৱাৰ সম্ভাৱনা আছে।