জনীয়া প্ৰেছ ক্লাবৰ ব্যতিক্ৰমী পদক্ষেপ।
উপ-জিলাৰ কাৰ্যালয় স্থাপনৰ দাবীত স্মাৰক পত্ৰ লৈ মুখ্যমন্ত্ৰীৰ বাসভৱনলৈ মৌন পদযাত্ৰা।
জনীয়াঃ শেহতীয়াভাবে চৰকাৰে ঘোষণা কৰিছে প্ৰশাসনিক উপ জিলা। বৰপেটা জিলাত মন্দিয়া- জনীয়া নামেৰেও ঘোষণা কৰা হৈছে উপ জিলা। প্ৰস্তাৱিত মন্দিয়া-জনীয়া উপ জিলাৰ কাৰ্যালয় স্থাপনৰ বাবে কেইবাখনো ঠাইৰ নাম উত্থাপন হৈছে। একে সময়তে জনীয়া প্ৰেছ ক্লাবে গ্ৰহণ কৰিছে এক ব্যতিক্ৰমী পদক্ষেপ।
জনীয়া প্ৰেছ ক্লাবৰ সভাপতি মইনুল হক চৌধুৰী আৰু সম্পাদক আবুল হুছেইনৰ নেতৃত্বত এটি সজাতী দলে প্ৰস্তাৱিত মন্দিয়া – জনীয়া উপ জিলাৰ কাৰ্যালয় জনীয়াত স্থাপনৰ দাবীত স্মাৰক পত্ৰ লৈ জনীয়াৰ পৰা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহলৈ মৌন পদযাত্ৰাৰে ৰাওনা হৈছে।
সোমবাৰে আৰম্ভ কৰিছিল এই পদযাত্ৰা। সোমবাৰে প্ৰায় ৪০ কিলোমিটাৰ পদযাত্ৰা কৰি নিশাটো নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ ৰামপুৰত কটায় পদযাত্ৰা কৰা দলটোৱে। ৰামপুৰত বৰক্ষেত্ৰী প্ৰেছ ক্লাবৰ সম্পাদক সুভাষ কাকতি, সাংবাদিক চেলিম মালিক, সুৰজিৎ পাঠকৰ নেতৃত্বত সাংবাদিকৰ দল এটি পদযাত্ৰা কৰি অহা দলটোক আদৰণি জনায় আৰু নিশাটো ৰামপুৰত থকাৰ ব্যৱস্থা কৰি দিয়ে। দলটোৱে মংগলবাৰে ৰামপুৰৰ পৰা পুনৰ পদযাত্ৰা আৰম্ভ কৰিছে।