ৰঙিয়াঃ ৰঙিয়াৰ বৈদ্যগড় গাঁও পঞ্চায়তৰ অন্তৰ্গত তৰণী, তুলসীবাৰী আৰু পাৰ্শ্চৱৰ্তী অঞ্চলৰ ৰাইজৰ সুবিধা হোৱাকৈ আজি বিনামূলীয়া চকু চিকিৎসা শিৱিৰ অনুষ্ঠিত কৰা হয়। স্বেচ্ছাসেৱী সংস্থা গ্ৰাম্য সাৰথীৰ উদ্যোগত তথা বৈদ্যগড় গাঁও পঞ্চায়ত কৰ্তৃপক্ষৰ সহযোগত স্থানীয় পঞ্চায়ত কাৰ্যালয় প্ৰাংগণত অনুষ্ঠিত কৰা হয় উক্ত শিৱিৰ।

ৰঙিয়া ব্লক মণ্ডলৰ প্ৰাক্তন সভাপতি শিশিৰ ভাগৱতীয়ে বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ কৰা শিৱিৰত চেণ্টাৰ ফৰ চাইট চকু হস্পিতালৰ চিকিৎসকৰ দ্বাৰা প্ৰায় শতাধিক লোকৰ চকু চিকিৎসা কৰা হয় ।

আনহাতে বৈদ্যগড় গাঁও পঞ্চায়তৰ সভাপতি দুলু ভূঞাৰ পৰিচালনাত অনুষ্ঠিত শিৱিৰত এছ আই আৰ ডিৰ অধ্যক্ষ ৰমেন বৰুৱাৰ লগতে ৰঙিয়া আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰি চিপ্ৰা দাসো উপস্থিত থাকে ।