স্বাধীনতা দিৱসলৈ কেইটামান দিন বাকী থকা সময়ত ৰঙিয়াত সষ্টম আৰক্ষী প্ৰশাসন ।
drinks & drive ৰ বিৰুদ্ধে ৰঙিয়া আৰক্ষীৰ অভিযান। ৰঙিয়াৰ চোছাইটি চকত সোমবাৰে নিশা আৰক্ষীয়ে গাড়ী সমূহত তালাচী অভিযান চলায়।
স্বাধীনতা দিৱসৰ প্ৰাক্ মুহূৰ্তত সাম্ভাব্য দুৰ্ঘটনা ৰোধ কৰাৰ বাবে মহকুমা প্ৰশাসনৰ সহযোগত আৰক্ষীয়ে এই অভিযান চলায় । গাড়ীৰ নথি-পত্ৰৰ লগতে চালকে সুৰাপান কৰিছে নে নাই তাৰো পৰীক্ষা কৰে ।
অভিযানকাৰী দলটোৱে সুৰাপান কৰি গাড়ী চলোৱা চালকক জৰিমনা বিহে । মহকুমাধিপতি দিপন বৰ্মন আৰু মহকুমা আৰক্ষী বিষয়া চিজল আগৰৱালাৰ নেতৃত্বত এই অভিযান চলোৱা হয় । স্বাধীনতা দিৱসৰ পূৰ্বে এনেদৰে আৰক্ষী প্ৰশাসনে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলাৰ লগতে যান-বাহন আইন পালন হোৱাৰ ক্ষেত্ৰত অধিক কঠোৰ হৈ পৰিব বুলি জানিব পৰা গৈছে ।