আজিৰে পৰা নতুন ৰূপ পালে অসম বিধানসভাই । লোকসভাৰ অধ্যক্ষ ওম বিৰলাই আনুষ্ঠানিকভাৱে আজি উদ্বোধন কৰিলে বিধানসভাৰ নতুন ভৱনটো । ইয়াৰ লগে লগে ইতিহাস হ’ল অসম বিধানসভাৰ পুৰণি ভৱনটোৰ 50 বছৰীয়া গৌৰৱোজ্বল ইতিহাস ।

বৃন্দাৱনী বস্ত্ৰৰ আৰ্হিৰে নিৰ্মাণ কৰা অসম বিধানসভাৰ নতুন ভৱনৰ মুকলিৰ লগে লগে পুৰণি ভৱনটোৱে 50 বছৰীয়া বৰ্ণিল যাত্রা সামৰি ইতিহাস হৈ পৰিল ।

এতিয়াৰে পৰা নতুন ভৱনৰ পৰাই অনুষ্ঠিত হ’ব অসম বিধানসভাৰ আগন্তুক অধিৱেশনসমূহ । মুঠ 351 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা নতুন স্থায়ী ভৱনটোৰ সদস্যৰ আসনৰ সংখ্যা 186 খন ।

উল্লেখ্য যে, দিনৰ ভাগত বিদ্যুৎ নাথাকিলেও সূৰ্যৰ ৰশ্মিৰ পোহৰত বিধানসভা পৰিচালিত কৰিব পৰাকৈ অত্যাধুনিক ব্যৱস্থাৰে এই নতুন ভৱনটো নিৰ্মাণ কৰি উলিওৱা হৈছে । সম্পূর্ণ ডিজিটেল ব্যৱস্থাৰে নতুন ভৱনত কাম-কাজ পৰিচালিত হ’ব । বহু মহলীয়া এই ভৱনটোত মুঠ 7 খন লিফট সংযোগ কৰা হৈছে ।
উল্লেখ্য যে, 2009 চনতেই বিধানসভাৰ নতুন ভৱন নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছিল । বহু মহলীয়া এই ভৱনটোৰ নিৰ্মাণ সম্পূৰ্ণ হৈছিল সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ কাৰ্যকালত । পূৰ্বৰ চৰকাৰৰ কাৰ্যকালত হিতেন্দ্র নাথ গোস্বামী অধ্যক্ষ হৈ থকাৰ সময়ত এদিনৰ বাবে নতুন ভৱনত বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হৈছিল । কিন্তু নৱ নিৰ্মিত ভৱনটোত কেতবোৰ কাৰিকৰী খুঁত ৰৈ যোৱাৰ বাবে পৰৱৰ্তী সময়ত পুনৰ পুৰণি ভৱনৰ পৰাই বিধানসভাৰ অধিৱেশন অনুষ্ঠিত কৰা হয় আৰু নতুন ভৱনৰ বাকী থকা কাম-কাম আগবঢ়াই নিয়া হয় ।