কলগাছিয়াৰ কাউৰজাহীত বেঁকী নদীৰ বিধ্বংসী খহনীয়া।

কলগাছিয়াৰ কাউৰজাহীত বেঁকী নদীৰ বিধ্বংসী খহনীয়া। ১৫ দিনত শতাধিক পৰিয়ালৰ ঘৰবাৰী উছন, নৈৰ বুকুত গড়কাপ্টানী পথ সহ বজাৰৰ দোকান পোহাৰ। বিভাগীয় মন্ত্ৰী, স্থানীয় বিধায়ক, সাংসদৰ বিৰুদ্ধে ক্ষোভ স্থানীয় দল সংগঠনৰ

বৰপেটা জিলাৰ কলগাছিয়াৰ কাউৰজাহী, আমগুৰি, খাৰবাল্লী, বলাইপাথাৰ আদি গাঁৱত বেঁকী নদীৰ ভয়াবহ খহনীয়াই ৰাইজৰ মাজত তীব্ৰ হাহাকাৰৰ সৃষ্টি কৰিছে।

তীব্ৰ গৰাখহনীয়াৰ ফলত কলগাছিয়াৰ পৰা লাচাংগালৈ যোৱা গড়কাপ্টানী পথ ইতিমধ্য নদীৰ বুকুত জাঁহ গৈছে। বন্ধ হৈ পৰিল কে’বাখনো গাঁৱৰ ৰাইজৰ যাতায়ত ব্যৱস্থা।

১৫ দিনত গৰাখহনীয়াই উছন কৰিছে শতাধিক পৰিয়ালৰ ভেটি মাটি, কৃষিভুমি। ইপিনে নদীৰ গৰাখহনীয়া প্ৰতিৰোধ আৰু একমাত্ৰ গড়কাপ্টানী পথ ছোৱা ৰক্ষাৰ বাবে জনীয়া সমষ্টিৰ বিধায়ক ড. হাফিজ ৰফিকুল ইছলাম আৰু বৰপেটাৰ সাংসদ আব্দুল খালেকক হাজাৰ অনুৰোধ কৰাৰ পাছতো কোনো গুৰুত্ব নিদিয়াত অসন্তুষ্টি প্ৰকাশ কৰাৰ লগতে বিধায়ক ৰফিকুল ইছলাম আৰু সাংসদ আব্দুল খালেকে সমষ্টি বাসীৰ সুখ দুখৰ খবৰ নাৰাখি অধিক সময় দিল্লীত দিছপুৰত কটোৱাক লৈ সমালোচনা কৰে।

উল্লেখ্য যে, পথছোৱা নদীৰ বুকুত জাঁহ যোৱাৰ ফলত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, কৃষকৰ কৃষিজাত ফচল চপোৱা, ব্যৱসায়-বানিজ্য আদিৰ ক্ষেত্ৰত ভীষণ অসুবিধাত কৰিব বুলি কয় স্থানীয়লোকে। সমাগত লোকসভা আৰু বিধানসভা নিৰ্বাচনত দুয়োগৰাকী প্ৰতিনিধিৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিব বুলি ভুক্তভোগী লোক সকলে ক্ষোভেৰে প্ৰকাশ কৰে।