বিহালীৰ মোনাৰীত ভূমি আৱন্টন আৰু চাহ শ্ৰমিকক ভূমি পট্টা প্ৰদানৰ দাবীত আটছাৰ ২ ঘন্টীয়া ধৰ্মঘট অৱস্থান পালন
আজি বিহালী সমষ্টিৰ মোনাবাৰীত অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে মোনাবাৰী প্ৰাথমিক গোট, আটছা মোনাবাৰী উপ শাখা, মোনাবাৰী চাহ বাগিচাৰ শ্ৰমিক ৰাইজৰ সহযোগত চাহ শ্ৰমিক সকলৰ দখত থকা ভূমিৰ আৱন্টন আৰু চাহ শ্ৰমিকক ভূমি পট্টা প্ৰদানৰ দাবীত শুক্ৰবাৰে মোনাবাৰী চাহ বাগিচাৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।
প্ৰতিবাদৰ অন্তত মোনাবাৰী চাহ বাগিচাৰ পৰিচালকৰ হাতত দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰে ।
ইফালে, আজিৰ প্ৰতিবাদী কাৰ্যসূচীত সদৌ চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য লব কুমাৰ ভূঞা,আটুৱাৰ কেন্দ্ৰীয় সভানেত্ৰী লিপিকা ভৰদ্বাজ,আনন্দ গোৱালাকে ধৰি প্ৰায় অৰ্দ্ধশতাধিক সদস্যই অংশগ্ৰহণ কৰে ।