ৰঙিয়াত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা ! দ্ৰুতবেগী যাত্ৰীবাহী বাছে খুন্দিয়ালে এখন স্কুল বাছ, গুৰুতৰভাৱে আহত ২০গৰাকী লোক ।
দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হৈছে স্কুল বাছখনৰ চালক, হেণ্ডিমেন সহ যাত্ৰীবাহী বাছখনৰ ২০ গৰাকী লোক।
শেহতীয়াকৈ ৰঙিয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চেপ্তি চকত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। এখন দ্ৰুতবেগী যাত্ৰীবাহী বাছে চাৰ্ছ পাব্লিক স্কুলৰ বাছত খুন্দিয়ালে। জানিব পৰা মতে, পুৱ দিশৰ পৰা স্কুল বাছখনে ৰঙিয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰিবলৈ লয়। সেই মুহূৰ্ততে বৰপেটা অভিমুখী যাত্ৰীবাহী বাছখনে প্ৰচণ্ড জোৰেৰে স্কুল বাছখনক খুন্দা মাৰে। এই দুৰ্ঘটনাৰ ফলত স্কুলবাছখন তিনিবাৰকৈ লুটি-বাগৰ খাই বিদ্যুতৰ খুঁটাত পৰি ৰৈ যায়।


ৰাজ্যত সঘনাই বৃদ্ধি পাইছে পথ দুৰ্ঘটনা। ইটোৰ পিছত সিটো পথ দুৰ্ঘটনাই ৰাজ্যবাসীক শংকিত তথা চিন্তিত কৰি তুলিছে। পথ দুৰ্ঘটনা বিভিন্ন কাৰণত সংঘটিত হোৱা পৰিলক্ষিত হয়। কিন্তু ইয়াৰ ফলত বহু লোকে প্ৰাণ হেৰুৱাবলগীয়া হয়। শেহতীয়াকৈ জালুকবাৰীত সংঘটিত হোৱা পথ দুৰ্ঘটনাৰ পিছতেই ৰাজ্যৰ ৭খন দুৰ্ঘটনাপ্ৰৱণ জিলাসমূহলৈ কঠোৰ নিয়ম পালন কৰাৰ বাবে যান–বাহন আৰক্ষীয়ে নিৰ্দেশ জাৰী কৰে। লগতে যিসকল লোকে যান–বাহনৰ নীতি–নিয়ম উলংঘা কৰিব তেওঁলোকৰ বিৰুদ্ধে কঠোৰ শাস্তি দিয়াৰ বাবেও নিৰ্দেশ দিয়া হৈছে।

জানিব পৰা মতে চাৰ্চ স্কুলৰ বাহন খনত কোনো ছাত্ৰ-ছাত্ৰী নাছিল । নহলে হতাহতৰ সংখ্যা আৰু অধিক হ’ল হয় বুলি স্থানীয় লোক সকলে জানিবলৈ দিয়ে !
