7th Pay Commission : ৩ শতাংশ নে ৪ শতাংশ? কিমান বাঢ়িব চৰকাৰী কৰ্মচাৰীৰ DA

কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলে বৰ্তমান ডি এ বৃদ্ধিৰ অপেক্ষাত আছে। এতিয়ালৈ এয়া নিশ্চিত হোৱা নাই যে কেতিয়া ডি এ বৃদ্ধিত অনুমোদন দিব চৰকাৰে। কিন্তু এয়া প্ৰায় নিশ্চিত যে DA ৪ শতাংশ বৃদ্ধি হ’ব আৰু এই বৃদ্ধি ১ জুলাই ২০২৩ৰ পৰা কাৰ্যকৰী হ’ব।

আচলতে ৩০ ছেপ্টেম্বৰৰ সন্ধিয়া ডি এ সম্পৰ্কীয় নতুন সংখ্যা আহিব। ইয়াৰ পৰা এই কথা স্পষ্ট হ’ব যে ডি এ কিমান শতাংশ বাঢ়িব। যদি সূচাংকৰ সংখ্যা বাঢ়ে তেন্তে চৰকাৰী কৰ্মচাৰীয়ে পাব ডাঙৰ উপহাৰ।

এতিয়ালৈ এয়া প্ৰায় নিশ্চিত যে কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ ডিএ ৪ শতাংশ বৃদ্ধি পাব। ৪৬ শতাংশ হ’বগৈ ডিএ। বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলে লাভ কৰে ৪২ শতাংশ ডিএ। কিন্তু ৩০ ছেপ্টেম্বৰৰ সন্ধিয়া আগষ্ট মাহৰ AICPI-IW নম্বৰ আহিব। এতিয়ালৈ চলি থকা ট্ৰেণ্ডৰ হিচাপত ডিএ ৪৭ শতাংশ পাৰ কৰিছে। আগন্তুক দিনত ই ৪৮ শতাংশ পাৰ কৰাৰ সম্ভাৱনা আছে। এই সংখ্যাই আগন্তুক বৰ্ষৰ জানুৱাৰীৰ পূৰ্বে কাৰ্যকৰী হ’বলগীয়া ডিএৰ সংখ্যা নিশ্চিত কৰিব। এই সংখ্যা জুলাইৰ পৰা ডিচেম্বৰৰ ভিতৰৰ সূচাংক হ’ব।