বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ মাণিকপুৰ আৰু সৃজনগ্ৰাম ৰাজহ চক্ৰৰ অন্তৰ্গত ২০ খনৰো অধিক গাওঁ পুনৰ আই নদীৰ বাঢ়নী পানীয়ে প্লাৱিত কৰিছে।
৩ দিন ধৰি বানপানীৰ তাণ্ডৱ অভ্যাহত থকাৰ পিছতো প্ৰশাসন, বিধায়ক তথা জনপ্ৰতিনিধিয়ে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উঠিছে।
৪,৫,৬নং ভাণ্ডাৰা, জামদহা বালাৰপেট, টেনটনপুৰ, কাহীবাৰী, বাশবাশীসহ কুৰিখনৰো অধিক গাওঁৰ ৰাইজ হাহাকাৰ কৰিবলগীয়া হৈছে। নিতৌ নন গাওঁ প্লাবিত হৈয়ে আছে। পশুধন আৰু শিশুখাদ্যৰ সমস্যাত পৰিছে বন্যাতই ।
ঘৰদুৱাৰে পানী হোৱাত বহু পৰিয়ালে হাহাকাৰ কৰিবলগীয়া হৈছে। দিনক দিনে পানী বৃদ্ধি হোৱাত চিন্তিত হৈ পৰিছে সমষ্টিবাসী।আনহাতে কীৰ্ত্তনপাৰা – ডাঙাইগাও সংযোগী গড়কাপ্তানি ৰাস্তা ডুৱ যোৱাত যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰিছে।