ৰিলায়েন্সৰ জে এফ এছ এল’ত অকাৰ্যবাহী সঞ্চালক হিচাবে অচিৰে যোগদান কৰিব ঈশা আম্বানীয়ে

অৱসৰৰ দিশে আগবাঢ়িছে মুকেশ আম্বানীয়ে। এজন এজনকৈ তেওঁ ৰিলায়েন্সৰ বিশাল সাম্ৰাজ্যৰ দায়িত্ব নতুন প্ৰজন্মৰ হাতত তুলি দিবলৈ আৰম্ভ কৰিছে। এই সমগ্ৰ প্ৰক্ৰিয়াত এই ভাৰতীয় কোটিপতিজনে নিজৰ কন্যা ঈশাকো বিশ্বাসত লৈছিল। সেইবাবেই কোম্পানীটোৰ ডাঙৰ দায়িত্ব ঈশা আম্বানীক দিয়া হৈছিল। এতিয়া কোটি কোটি টকাৰ বিশাল ব্যৱসায়ৰ এটা অংশ পৰিচালনা কৰিব ঈশাই।

সংবাদ সংস্থা পিটিআইৰ এক প্ৰতিবেদন অনুসৰি ভাৰতৰ সৰ্ববৃহৎ কোম্পানী ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজে বিত্তীয় সেৱা ইউনিটৰ বিভাজনৰ কথা ঘোষণা কৰিছে। ইতিমধ্যে কোম্পানীটোৰ বিভাজন প্ৰক্ৰিয়া আৰম্ভ হৈছে। পিছলৈ ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজে নিজৰ বিত্তীয় সেৱা ইউনিটটো শ্বেয়াৰ বজাৰত নতুন কোম্পানী হিচাপে তালিকাভুক্ত কৰিবলৈ ওলাইছে। এতিয়ালৈকে ৰিলায়েন্সৰ এই ইউনিটটো ৰিলায়েন্স ষ্ট্ৰেটেজিক ইনভেষ্টমেণ্টছ লিমিটেড অৰ্থাৎ আৰ এছ আই এল নামেৰে জনাজাত আছিল।

ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ পৰা স্পিন অফ জে এফ এছ এল হিচাপে নতুন কোম্পানীটোত নতুন ভূমিকা গ্ৰহণ কৰিছে ঈছা আম্বানীয়ে। তেওঁক পৰিচালক হিচাপে ব’ৰ্ডৰ আসন দিয়া হৈছে। ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ প্ৰাক্তন নিয়ন্ত্ৰক আৰু অডিটৰ জেনেৰেল অৰ্থাৎ কেগ ৰাজীৱ মহৰ্ষিকো ব’ৰ্ডত স্থান দিয়া হৈছে। বৰ্তমান ঈশা আম্বানীক অকাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি দিয়া হৈছে।

দায়িত্ব আৰু কোনে পালে?

পিটিআইৰ তথ্য অনুসৰি ৰিলায়েন্সৰ চিইঅ’ অংশুমান ঠাকুৰকো অকাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি দিয়া হৈছে। একে সময়তে ৰাজীৱ মহৰ্ষিক পাঁচ বছৰৰ বাবে স্বতন্ত্ৰ সঞ্চালক হিচাপে নিযুক্তি দিয়া হৈছে। ইণ্ডিয়ান বেংক এছ’চিয়েশ্যনৰ মুখ্য কাৰ্যবাহী সুনীল মেহতা আৰু পিডব্লিউচিৰ সৈতে কাম কৰা চাৰ্টাৰ্ড একাউণ্টেণ্ট বিমল মনু তন্নাকো স্বতন্ত্ৰ সঞ্চালক হিচাপে নিযুক্তি দিয়া হৈছে। বেংকাৰ হিতেশ কুমাৰ ছেঠিয়াক তিনি বছৰৰ বাবে আৰ এছ আই এলৰ পৰিচালন সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি দিয়া হৈছে।