পুণৰ বিপদত ৰাহুল গান্ধী । ৰাহুল গান্ধী, ছিদ্দাৰামায়া আৰু ডি কে শিৱকুমাৰলৈ আদালতৰ চমন।
আকৌ এবাৰ মানহানি গোচৰত চমনৰ সন্মুখীন হৈছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী । বিজেপিয়ে দাখিল কৰা মানহানিৰ গোচৰ এটাত বাংগালুৰুৰ অতিৰিক্ত মুখ্য মেট্ৰ’পলিটান দণ্ডাধীশৰ আদালতে আজি ৰাহুল গান্ধীৰ লগতে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ছিদ্দাৰামায়া, উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰৰ বিৰুদ্ধে চমন জাৰি কৰে । অহা ২৭ জুলাইত তেঁওলোকক আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে ।
গোচৰৰ মৰ্মে যোৱা বিধানসভা নিৰ্বাচনত প্ৰদেশ কংগ্ৰেছে বাতৰি কাকতত দিয়া বিজ্ঞািপনত পূৰ্বৱতী বিজেপি চৰকাৰে দুৰ্নীতিৰ ৪০% কমিছন লোৱা আৰু ডেৰ লাখ কোটি টকা লুণ্ঠন কৰা বুলি অভিযোগ কৰিছিল ।
বিজেপিৰ ৰাজ্যিক সম্পাদক কে কেশৱানন্দে ৯ মে’ত দাখিল কৰা মানহানিৰ গোচৰটোত অভিযোগ কৰিছিল যে বিজ্ঞাপনযোগে মিচাকৈ দাবী কৰি কংগ্ৰেছে বিজেপিৰ ভাৱমূৰ্তি বিনষ্ট কৰিছে । ৫ মে’ত কৰ্ণাটকৰ আগশাৰীৰ কাকতসমূহত প্ৰকাশ পাইছিল কংগ্ৰেছৰ এই বিজ্ঞাপনটো ।