কি চলিছে ৰাজ্যৰ বিয়াগোম শিক্ষা বিভাগত ? কেনেকৈ চলিছে মন্ত্ৰী ৰণোজ পেগুৰ শিক্ষা বিভাগৰ চৰকাৰী বিদ্যালয় ?
ছাত্ৰ ছাত্ৰীৰ সংখ্যা ১৬৭ গৰাকী । বিপৰীতে শিক্ষক শূন্য ।কণ কণ ছাত্ৰ ছাত্ৰী কেৱল স্কুললৈ আহিছে আৰু গৈছে।শিক্ষক বিচাৰি কণ কণ ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকে বিদ্যালয় চৌহদতে সাব্যস্ত কৰে প্ৰতিবাদ। হয়, আমি কব বিচাৰিছো ছমৰীয়া শিক্ষা খণ্ডৰ পাহাৰতল প্ৰাথমিক বিদ্যালয়ৰ কথা।
শ্ৰেণীকোঠাত ছাত্ৰ ছাত্ৰী আছে ঠিকেই কিন্তু নাই শিক্ষক । কেৱল এটা দুটা শ্ৰেণীৰ দৃশ্য নহয় এয়া, কোনো এটা শ্ৰেণীতে নাই শিক্ষক ।যাৰ বাবে শ্ৰেণীকোঠাতে কণ কণ ছাত্ৰ ছাত্ৰী সকলে খেলিয়েই পাৰ কৰিছে সময় । আচলতে এই বিদ্যালয় খনত এসপ্তাহ পূৰ্বে দুগৰাকী শিক্ষক আছিল যদিও প্ৰধান শিক্ষকক বিভাগে দিলে বদলি।আন হাতে আন গৰাকী সহকাৰী শিক্ষক জনক দিলে দেৰ মাহৰ ছুটী তাৰ পাছৰে পৰাই বিদ্যালয় খনত শিক্ষকৰ সংখ্যা হৈ পৰিল শূন্য ।শিক্ষা বিভাগৰ এনে আজৱ কাণ্ডত এতিয়া জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজ আৰু অভিভাৱকসকল। ফলত ক্ষুদ্ধ ৰাইজ, অভিভাৱক আৰু কণ কণ ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয় চৌহদতে শুক্ৰবাৰে এইদৰে সাব্যস্ত কৰে প্ৰতিবাদ।শিক্ষা বিভাগ হায় হায়, আমাক শিক্ষক লাগে, ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলা বন্ধ কৰক আদি ধ্বনিৰে তীব্ৰ প্ৰতিবাদ জনায় ছাত্ৰ ছাত্ৰী, অভিভাৱক সকলে । তদুপৰি কণ কণ ছাত্ৰ ছাত্ৰী সকলে শিক্ষক বিচাৰি হাতযোৰ কৰি কাতৰআহ্বান জনায় মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাক ।সমান্তৰালভাৱে বিদ্যালয় খনত বন্ধ হৈ আছে মধ্যাহ্ন ভোজনো । শীঘ্ৰে বিদ্যালয়খনত ছাত্ৰ অনুপাতে শিক্ষক নিযুক্তি প্ৰদান কৰিবলৈ দাবী জনাইছে ছাত্ৰ ছাত্ৰী, অভিভাৱকৰ লগতে পৰিচালনা সমিতিয়ে ।
এতিয়া প্ৰশ্ন হয়, এসপ্তাহে এজনো শিক্ষক নথকাৰ পাছতো জিলা শিক্ষা বিষয়া কিম্বা ছমৰীয়া খণ্ড প্ৰাথমিক শিক্ষা বিষয়াই কিয় গুৰুতৰোপ কৰা নাই বিষয়টোত ? এয়াই নেকি শিক্ষা বিভাগৰ আচল স্বৰূপ ?