ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ গৃহ সমষ্টিত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ । চিণ্ডিকেটত নাম সাঙোৰ খোৱা ৰঙিয়াৰ বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাক গ্ৰেপ্তাৰৰ দাবীত সহস্ৰাধিক কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদী সমদল।
ভৱেশ কলিতা বিৰোধী শ্লোগানেৰে পৰিবেশ উত্তাল হৈ পৰে ৰঙিয়াৰ ৰাজপথ। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ব্যাপক হাৰত আৰক্ষী-অৰ্ধ সামৰিক বাহিনী মোতায়েন।
অসম প্ৰদেশ কংগ্ৰেছৰ উদ্যোগত আৰু কামৰূপ জিলাৰ কংগ্ৰেছৰ সহযোগত মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ শনিবাৰে ৰঙিয়াত কংগ্ৰেছৰ এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।
প্ৰথমে ৰঙিয়াৰ ৰাজীৱ ভৱনত দলটোৰ এক প্ৰতিবাদী সভা অনুষ্ঠিত হয় । সভাখনৰ অন্তত দলটোৰ সহস্ৰাধিক কাৰ্যাকৰ্তাই ৰঙিয়াৰ মাজেৰে সমদল উলিয়াই ৰঙিয়াত চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হয় আৰু ৰঙিয়া চক্ৰ বিষয়াৰ জৰিয়তে কামৰূপ জিলাৰ উপায়ুক্তলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।