গুৱাহাটী: অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে কোঙা কৰা সাধাৰণ জনতাক পুনৰ মাধমাৰ শোধাই অক্টোবৰৰ প্ৰথম দিনটোৰ পৰা ৰাজ্যত অসম বিদ্যুত বিতৰণ কোম্পানী লিমিটেড চমুকৈ এপিডিচিএলে বিদ্যুতৰ মাচুল পুণৰ বৃদ্ধি কৰিলে।
প্ৰতি ইউনিটত ১.২৯ টকা পৰ্যন্ত বৃদ্ধি পাইছে বিদ্যুতৰ মাচুল। দেওবাৰৰ পৰাই বলৱৎ হৈছে এই নতুন নিৰিখ।
ঘৰুৱা ব্যৱহাৰত ০-৩০০ ইউনিটলৈ ৩০ পইচাকৈ, ৩০১-৫০০ ইউনিটলৈ ৫০ পইচাকৈ আৰু ৫০০ ইউনিটকৈ অধিক ব্যৱহাৰ কৰিলে প্ৰতি ইউনিতত ১.২৭ টকাকৈ বৃদ্ধি পাব বিদ্যুতৰ মাচুল।
বাণিজ্যিক আৰু উদ্যোগিক ক্ষেত্ৰত প্ৰতি ইউনিটত ১.২৯ টকা পৰ্যন্ত বৃদ্ধি পাব বিদ্যুতৰ মাচুল। বাণিজ্যিক ক্ষেত্ৰতো ১ অক্টোবৰৰ পৰাই বলৱৎ হ’ব এই নতুন নিৰিখ।
বিদ্যুত মাচুলৰ এই নিৰ্ধাৰণ ২০২৩ চনৰ ছেপ্তেম্বৰ মাহত ব্যৱহাৰ কৰা বিদ্যুতৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব আৰু পৰৱৰ্তী পৰিৱৰ্তন নোহোৱালৈকে চলি থাকিব।
ইফালে, আজিৰ পৰা দেশত বৃদ্ধি পাইছে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্যও। পূৰ্বৰ মূল্যতকৈ ২০৯ টকাকৈ বৃদ্ধি পাইছে প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য। দেওবাৰৰ পৰাই কাৰ্যক্ষম হ’ব এই নতুন নিৰিখ।