দেশ মাতৃক ৰক্ষাৰ স্বাৰ্থত লাচিত বৰফুকনে মোমায়েকৰ শিৰচ্ছেদ কৰাৰ লেখীয়াকৈ মূল্যবৃদ্ধিত অতিষ্ঠ অসমৰ জনতাই মামা বুলি মাতা মুখ্যমন্ত্ৰীকো ৰাজনৈতিকভাবে শিৰচ্ছেদ কৰিবলৈকো কুণ্ঠাবোধ নকৰিব।
এই মন্তব্য ৰাইজৰ দলৰ কেন্দ্ৰীয় সম্পাদক মনিৰুজ জামানৰ। জামানে লগতে উল্লেখ কৰে যে ৰাজ্যত সামগ্ৰীৰ মূল্যবৃদ্ধিৰ ক্ষেত্ৰত চৰকাৰৰ ভূমিকা পুতৌজনক। মূল্যবৃদ্ধিৰ ক্ষেত্ৰত দায়িত্বশীল মন্ত্ৰীৰ মন্তব্য দায়িত্বজ্ঞানহীন । মূল্যবৃদ্ধি ৰোধ কৰাত চৰমভাবে ব্যৰ্থ মুখ্যমন্ত্ৰী আৰু যোগানমন্ত্ৰী ৰঞ্জিত দাসক পদত্যাগ কৰাৰ দাবী উত্থাপন কৰে ৰাইজৰ দলৰ কেন্দ্ৰীয় সম্পাদক গৰাকীয়ে।