ৰাজ্যত কিমান দায়িত্বশীল ৰেল বিভাগ।
ৰাজ্যত কিমান সুৰক্ষিত ৰেল যাত্ৰী।
ৰাজ্যত পুনৰ ৰেল যাত্ৰীক আক্ৰমনৰ ঘটনা।
বাংগালুৰুৰ পৰা অসমলৈ অহাৰ সময়ত অসমীয়া যুৱকৰ উপৰত দুৰ্বৃত্তই চলালে আক্ৰমণ।
বহি:ৰাজ্যৰ পৰা ঘৰলৈ বুলি অহা যুৱক চিকিৎসালয়ত ভৰ্তি।
লখিমপুৰ জিলাৰ নাওবৈচা সমষ্টিৰ অন্তৰ্গত ফুলবাৰিৰ মাধৱ পুৰৰ যুৱক কৃষ্ণ হাজৰিকা।
দুটি কন মানি শিশুৰ সহিতে পৰিয়াল পুহপালনৰ ক্ষেত্ৰত দুৰ্বল হৈ পৰা কৃষ্ণ হাজৰিকা নামৰ যুৱাকজনে অসমৰ বহু যুৱকৰ দৰে ঘৰৰ পৰা ওলাই গৈ কৰ্ম সংস্থাপন কৰিছিল বাংগালোৰত ।
বহিৰাজ্যৰ পৰা বহু দিনৰ পাছত ঘৰৰ অভিমুখে আহিছিল যুৱাকজন। বহু দিনৰ পাছত পৰিয়ালক লগ পোৱাৰ আশাৰে হাঁহি ফুৰ্তিৰে ঘৰমুৱা হৈছিল যোৱকজন।
সুদূৰ বাংগালোৰৰ পৰা অসম পোৱালৈকে লৈকে পৰিয়ালৰ লোকৰ লগত সংযোগ ঠিকেই আছিল।
কিন্তু হথাৎ পাতশালাৰ কোনো এক অজ্ঞাত স্থানৰ পৰা এটি টেলি ফোন পোৱাৰ পাছতেই হঠাৎ যুৱক জনৰ ঘৰত সৃষ্টি হয় এক শোকাকোল পৰিস্থিতি। কোনো দুস্কৃতি কৰিয়ে আক্ৰমণ কৰি ৰেল পথৰ কাষত পেলাই থোৱা অৱস্থাত যুৱক জনক উদ্ধাৰ কৰে ৰেলৱে প্ৰশাসনে।
শৰীৰৰ বিভিন্ন স্থানত আঘাত প্ৰাপ্ত যুৱাকজনক ৰেলৱে প্ৰশাসনৰ তৎপৰতাত ততাতয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰে যদিও যোৱাকজনৰ অৱস্থা সংকটজনক হোৱাৰ বাবে উন্নত চিকিৎসাৰ বাবে পেৰণ কৰে গুৱাহাটীলৈ।
এতিয়া প্ৰশ্ন হয়? কিমান সুৰক্ষিত ৰেল যাত্ৰী সকল।কিয় বাৰে বাৰে দুৰ্বৃত্তৰ সন্মুখীন হব লাগে ৰেল যাত্ৰী সকল। ৰেল যাত্ৰী সকলক সুৰক্ষা প্ৰদানৰ ক্ষেত্ৰত কিয় বাৰে বাৰে ব্যৰ্থ হয় ৰেল বিভাগ। কোনে ন্যায় দিৱ ৰেলত দুৰ্বৃত্তৰ আক্ৰমনৰ বলি হোৱা অসমৰ যুৱকক।