পুনৰ বৃদ্ধি পালে বিদ্যুৎ মাচুল। মূল্যবৃদ্ধিয়ে জনতাক জুৰুলা কৰাৰ সময়তে বিদ্যুৎ মাচুল বৃদ্ধিৰে পুনৰ জনতাৰ মূৰত মাধমাৰ সোধালে শক্তি বিভাগে।
বিদ্যুতৰ মাচুল সঘনাই বৃদ্ধি হোৱাকলৈ ৰাইজ এতিয়া হতাশাগ্ৰস্ত হৈছে। শেহতীয়াকৈ অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে Prepaid (আগতীয়াকৈ মাচুল পৰিশোধ কৰা) মিটাৰ প্ৰচলন কৰি গ্ৰাহকক চিন্তাত পেলাইছিল। ইয়াৰোপৰিও APDCLএ বিগত এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ প্ৰতি কিলোৱাটত ফিক্সড চার্জ হিচাপে দহ টকাকৈ বৃদ্ধি কৰিছিল।
এতিয়া মাত্ৰ এমাহৰ পিছতেই ইন্ধন আৰু শক্তি ক্ৰয়ৰ নামত APDCLএ প্রতি ইউনিটত ৩০ পইচাৰ পৰা ৭০ পইচালৈ বিদ্যুৎ মাচুল বৃদ্ধি কৰিছে। এই অনুসৰি নিম্ন প্রাবল্যৰ ঘৰুৱা গ্ৰাহকে প্রতি ইউনিটত ৩০ পইচাকৈ আৰু বাকী অন্য গ্রাহকে প্রতি ইউনিটত ৭০ পইচাকৈ বর্ধিত বিদ্যুৎ মাচুল আদায় দিব লাগিব।
বিগত ২৭ মে’ত APDCLএ এক জাননী জাৰি কৰে য’ত গ্রাহকে জুনত লাভ কৰা মে’ মাহৰ বিল এই বর্ধিত মাচুলত আদায় দিব লাগিব বুলি উল্লেখ কৰা আছিল। উক্ত জাননী অনুসৰি দৈনিক ০.৫ ৰ পৰা ১.৫ কিলোৱাট (KW) বিদ্যুৎ ব্যৱহাৰ কৰা গ্ৰাহকে প্রতি ইউনিটত অতিৰিক্ত ৩০ পইচাকৈ আদায় দিব লাগিব। এতিয়াৰে পৰা নিম্ন প্রাবল্যৰ ঘৰুৱা গ্ৰাহকে প্রতি ইউনিটত বিদ্যুৎ মাচুল ৪.৩৫ টকাকৈ দিব লাগিব। আনহাতে, প্ৰতিমাহে ১২০ ইউনিট আৰু ১২১–২৪০ ইউনিট ব্যৱহাৰ কৰা গ্ৰাহকে প্রতি ইউনিটত অতিৰিক্ত ৩০ পইচাকৈ দিব লাগিব। প্রতিমাহে ১২০ ইউনিট ব্যৱহাৰ কৰা গ্রাহকে প্রতি ইউনিটত ৫.২৫ টকাকৈ আৰু ১২১– ২৪০ ইউনিট প্ৰতিমাহে ব্যৱহাৰ কৰা গ্ৰাহকে প্রতি ইউনিটত ৭.৩০ টকাকৈ আদায় দিব লাগিব।
উল্লেখ্য যে, ইয়াৰ পূৰ্বেও চলিত বৰ্ষত বহুবাৰ বৃদ্ধি হৈছে বিদ্যুৎ মাচুল। আনফালে স্মাৰ্ট মিটাৰেও জ্বলা কলা খুৱাইছে জনতাক। তেনে ক্ষেত্ৰত পুনৰ মাচুল বৃদ্ধিয়ে জনতাৰ ওপৰত কি প্ৰভাৱ পেলাই সেয়া লক্ষণীয় হ’ব।