ৰাজ্যত পুনৰ আন এক বোৱাৰী নিৰ্যাতনঃ দাৰে হানি-খুচি হত্যাৰ চেষ্টা নিজ পত্নীক

ৰাজ্যত পুনৰ আন এক বোৱাৰী নিৰ্যাতন।
দাৰে হানি-খুচি হত্যাৰ চেষ্টা নিজ পত্নীক।
ঘটনা সৰভোগৰ বুঢ়ীকামাৰৰ।

সৰভোগঃ ৰাজ্যত পুনৰ সংঘটিত হৈছে নাৰী নিৰ্যাতনৰ আন এক ভয়ংকৰ ঘটনা। বুধবাৰে সৰভোগৰ বুঢ়ীকামাৰৰ বাসিন্দা মনজ কুমাৰ নামৰ পাশান ব্যক্তি এজনে নিজ পত্নী জয়ন্তী মজুমদাৰক গুৰুলা গুৰুল কৈ প্ৰহাৰ কৰাৰ লগতে দাৰে হানি-খুচি হত্যাৰ চেষ্টা কৰে।

পাছত স্থানীয় ব্যক্তি আৰু ভূক্তভোগীৰ মাতৃয়ে ততাতয়াকৈ সৰভোগ সামূহীয়া চিকিৎসালয়ত ভৰ্তি কৰায় যদিও পৰিস্থিতি জটিল হোৱাত চিকিৎসকে উন্নত চিকিৎসাৰ বাবে বৰপেটা ফকৰউদ্দিন আলী আহমেদ চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও নৰপিশাস ৰূপী মনজ কুমাৰে তেওঁৰ নিজ পত্নী জয়ন্তী মজুমদাৰক কেইবাবাৰো শাৰিৰীক আৰু মানসিক অত্যাচাৰ কৰাৰো অভিযোগ উত্থাপিত হৈছিল।