ৰাজ্যত পুণৰ জঘন্য ধৰ্ষণ কাণ্ড। লম্পট যুৱকৰ কামনাৰ বলি হল এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰী।

নগৰবেৰাঃ ৰাজ্যত পুণৰ জঘন্য ধৰ্ষণ কাণ্ড। লম্পট যুৱকৰ কামনাৰ বলি হল এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰী। এই লজ্জাজনক ঘটনা সংঘটিত হৈছে নগৰবেৰাত।

ঘটনা পোহৰলৈ অহাৰ পাছতে গ্ৰেপ্তাৰ অভিযুক্ত বিজয় মালৌ দাস ওৰফে হৃদয় মালৌ। ২৩ ছেপ্টেম্বৰ শুক্ৰবাৰে দিনৰ পোহৰতে সংঘটিত হৈছে এই ঘটনা।স্কুলৰ পৰা আহি প্ৰতিদিনে ১২ বছৰীয়া নাবালিকা গৰাকী গাঁৱত সমনীয়াৰ সৈতে খেলিবলৈ যায়।সিদিনাও খেলিবলৈ যাওঁতে বাটৰ পৰা ফুচুলাই ঘৰৰ ওচৰতে থকা এটি পৰিত্যক্ত গৃহৰ ভিতৰলৈ লৈ যায়।আৰু তাতে নাবালিকা গৰাকীয়ে কাকুতি মিনতি কৰাৰ পাছতো বলপূৰ্বক ধৰ্ষণ কৰে নৰপিশাচ হৃদয় মালৌ দাসে।

পৰিত্যক্ত ঘৰটোত মানুহৰ কথাৰ শব্দ শুনি ওচৰতে কাম কৰি থকা নাবালিকা গৰাকীৰ খুড়ায়েকে খিৰিকীৰে জুমি চাই প্ৰত্যক্ষ কৰে এই ঘটনা। তাৰ পাছতে পোহৰলৈ আহে এই ধৰ্ষণ কাণ্ডৰ সমগ্ৰ ঘটনা। পিছত পৰিয়ালৰ লোকে নগৰবেৰা আৰক্ষী থানাত ঘটনা সন্দৰ্ভত অভিযুক্ত যুৱকজনৰ বিৰুদ্ধে দাখিল কৰে এজাহাৰ।

ইতিমধ্যে ঘটনা সন্দৰ্ভত প্ৰাথমিক তদন্ত কৰি অভিযুক্ত হৃদয় মালৌ দাসক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে। অভিযুক্ত যুৱকজনৰ যাৱজ্জীৱন কাৰাদণ্ড নতুবা ফাঁচিৰ দাবী তুলিছে ভূক্তভোগী পৰিয়ালটোয়ে।