এতিয়াও শান্ত হোৱা নাই মণিপুৰ ৷ জনজাতি অজনজাতিৰ মাজত অব্যাহত হৈয়ে আছে যুঁজ ৷ প্ৰায় এমাহ ধৰি ৰাজ্যখন জ্বলি আছে ৷ তাৰপাছতো কিন্তু ৰাজ্যখনত এই পৰ্য্যন্ত ভৰি দিয়া নাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷ যাৰবাবে এদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা কেন্দ্ৰীয মন্ত্ৰীগৰাকীয়ে গুৱাহাটীৰ পৰাই মণিপুৰবাসীক দিলে এই আহ্বান ৷
“যোৱা ছবছৰ ধৰি শান্তিৰ বাতাবৰণ চলি আছিল মণিপুৰত । পিছে, আদালতৰ এক নিৰ্দেশনাৰ পিছতে বিঘ্নিত হৈছে মণিপুৰৰ শান্তি। আলাপ-আলোচনাৰ মাধ্যমেৰে ৰাজ্যখনলৈ ঘূৰাই অনা হ’ব শান্তি।” এইক্ষেত্ৰত গৃহমন্ত্ৰীগৰাকীয়ে নিজে পৰ্য্যবেক্ষণ কৰিব ৰাজ্যৰ পৰিস্থিতি ৷ সেইসূত্ৰে ৩ দিনীয়া ভ্ৰমণসূচীৰে অচিৰেই মণিপুৰলৈ যাব অমিত শ্বাহ। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এই ঘোষণা কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ । অৱশ্যে এই সময়খিনিত ৰাজ্যবাসীক শান্তি -শৃংখলা অটুট ৰখাৰ আহ্বান কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ ৷ নিজ ভাতৃৰ মাজৰ ভাতৃঘাতী সংঘাট দূৰ কৰক ৷