ৰাইজৰ ৰোষত পৰিল যমুনামুখৰ বিধায়ক চিৰাজ উদ্দিন আজমল৷

ৰাইজৰ ৰোষত পৰিছে যমুনামুখৰ বিধায়ক চিৰাজ উদ্দিন আজমল ৷ ডবকাৰ মিকিৰআটী হাওঁগাঁৱত পকীপথ এটি আধাৰশিলা স্থাপন কৰিবলৈ যাওঁতেই প্ৰতিবাদৰ সন্মুখীন হয় বিধায়ক গৰাকী ৷ বিধায়ক গৰাকীৰ সন্মুখতে চিৰাজ উদ্দিন আজমল মুৰ্দাবাদ ধ্বনি দি ৰাইজে সমগ্ৰ পৰিৱেশ উত্তাল কৰি তোলে ৷

পৰবৰ্তী সময়ত ঘটনাস্থলিত ডবকা আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব লগা হয় ৷ ৰাইজৰ অভিযোগ পূৰ্বে নিৰ্মান কৰা এটি পথকেই পুনৰ আধাৰশিলা স্থাপন কৰিবলৈ আহিছিল বিধায়ক চিৰাজ উদ্দিন আজমল ৷ বিধায়কগৰাকীয়ে যিটো পথৰ আধাৰ শিলা স্থাপন কৰিছিল, সেইটো পথৰ কাষতেই আন এটি বিধস্থ পথ পুনৰ নিৰ্মানৰ বাবে স্মাৰক পত্ৰ দিবলৈ আহিছিল স্থানীয় ৰাইজ ৷

সেই সময়তে বিধায়কৰ লগত অহা তেওঁৰ একাংশ সমৰ্থকে ৰাইজক বিধায়কৰ কাষলৈ যাবলৈ নিদিয়াৰো অভিযোগ ৰাইজৰ ৷ যাৰ বাবে ৰাইজ ক্ষোভিত হৈ পৰে আৰু বিধায়কৰ সন্মুখতে প্ৰতিবাদ সাব্যস্ত কৰে ৷ আনহাতে গণতান্ত্ৰিক দেশত প্ৰতিবাদ কৰাৰ অধিকাৰ সকলোৰে আছে বুলি মন্তব্য কৰে বিধায়ক গৰাকীয়ে ৷